Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী

বাক্সাৰ হিংসাত্মক ঘটনাৰ (Baksa) পাছতে চৰ্চালৈ আহিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ কাণ্ড। বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত শান্তিপূৰ্ণভাৱে কাৰাগাৰৰ সন্মুখত প্ৰতিবাদ কৰা পুৰুষ মহিলাৰ ওপৰত লাঠীচালনা কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই। এটা ভিডিঅ’ত পোহৰলৈ আহে সেই দৃশ্য। তাৰপিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সাত। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হৈছিল একাংশ জুবিন অনুৰাগী।


পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সাত ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছিল। মোবাইল ফোনত বৰ্তমানো ইণ্টাৰনেট সেৱা উপলব্ধ নহয় জিলাখনত। বাক্সাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

বাক্সাৰ নিকাছিত এই সংঘৰ্ষত আহত বহু কেইগৰাকী লোক। তেওঁলোকক মুছলপুৰত চিকিৎসা কৰোৱা হয়। সাধাৰণ লোকৰ লগতে সাংবাদিক, আৰক্ষী বিষয়াও আহত হয় এই হিংসাত্মক ঘটনাত। এই হিংসাত্মক ঘটনাৰ সন্দৰ্ভত দল- সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিশাই বাক্সাত উপস্থিত হয় DGP হৰমীত সিং। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় DGPগৰাকীয়ে। বাক্সাত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী।


পুৱালৈ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ নিকাছিৰ অগ্নিগৰ্ভা পৰিস্থিতি। জিলা কাৰাগাৰৰ সমীপত হিংসাত্মক প্ৰতিবাদৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সা জিলাত ইণ্টাৰনেট কৰ্তনৰ লগতে ১৬৩ ধাৰা জাৰি কৰা হৈছিল। ইপিনে, ঘটনা সন্দৰ্ভত নিশাই ১১জনকৈ লোকক আটক কৰা হৈছে।

আনহাতে বাক্সা জিলা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশত বাধা দিয়া হৈছে। স্থায়ী বাসিন্দাৰ বাহিৰে প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিব প্রশাসনে।

উল্লেখযোগ্য যে সিদ্ধাৰ্থ-শ্যামকানুসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এই পাঁচ অভিযুক্তক বাক্সা কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া পিছতে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

Related Articles