Balochistan: বেলুচিস্তানক লৈ কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

বেলুচিস্তানক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী(Balochistan) হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মূলতঃ হিন্দু পৰম্পৰাৰৰ ৫১খন পূজ্য শক্তিপীঠৰ ভিতৰত অন্যতম ‘হিংলাজ মাতা’ মন্দিৰে পৱিত্ৰ স্থান হিচাপে বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ এক গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য বহন কৰিছে৷ হিংগোল ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত ঠেক ভূখণ্ডত অৱস্থিত এই মন্দিৰটোৰ স্থানতেই দেৱী সতীৰ শিৰ অংশ পৰিছিল বুলি বিশ্বাস কৰা হয়৷ সেয়েহে এই ভূমিক শাক্ত ধৰ্মৰ অন্যতম পৱিত্ৰ স্থান হিচাপে মান্যতা দি অহা হৈছে৷ যুগ যুগ ধৰি হিন্দু তীৰ্থযাত্ৰী—বিশেষকৈ সিন্ধী, ভৱছাৰ আৰু চাৰণ সম্প্ৰদায়ৰ ভক্তসকলে এই মন্দিৰভাগিত দেৱীৰ আশীৰ্বাদ বিচাৰি মৰুভূমিৰ মাজেৰে যাত্ৰা কৰে।

ধৰ্মীয় ধাৰণাৰ উপৰি উপমহাদেশখনৰ বিভাজনৰ বহু পূৰ্বৰে পৰা বেলুচিস্তানে হিন্দুসকলৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ আভাস দাঙি ধৰে৷ উল্লেখ্য যে এই মন্দিৰভাগিক বেলুচ জনসাধাৰণেও আধ্যাত্মিকতাৰে সন্মান কৰে৷ তেওঁলোকে এই মন্দিৰভাগিক অতি আদৰেৰে ‘নানী মন্দিৰ’ বুলি কৈ আহিছে৷ প্ৰকৃততে বেলুচিস্তানত অৱস্থিত এই মন্দিৰভাগে সাতামপুৰুষীয়া আন্তঃসাম্প্ৰদায়িক ঐতিহ্য, মিলন আৰু পাৰস্পৰিক একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷’

বেলুচিস্তানে স্বাধীনতা ঘোষণা কৰা পিছত আজি সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে সামাজিক মাধ্যমত পোষ্ট দিয়া দেখা গ’ল।

বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ‘ৰিপাব্লিক অৱ বেলুচিস্তান’এ বেলুচিস্তানৰ স্বাধীনতা ঘোষণা(Republic of Balochistan) কৰিলে বেলুচ বিদ্রোহীয়ে। বেলুচিস্তান কেতিয়াও পাকিস্তানৰ অংগ নাছিল বুলি ঘোষণা বেলুচ বিদ্রোহীৰ। বেলুচ বিদ্রোহী নেতা মিৰ য়াৰ বেলুচে ঘোষণা কৰিলে এই কথা। বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিয়াৰ বাবে বিশ্ব সম্প্রদায়ক আহ্বান। ভাৰতকো এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ। ৰাষ্ট্ৰসংঘকো বিশেষ পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ।

Related Articles