সাম্প্ৰতিক ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা দণ্ডাধীশে এক আদেশযোগে আজিৰে পৰা সমগ্ৰ শিৱসাগৰ জিলাত বাহনসমূহৰ চলাচল সীমিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নাজিৰা মহকুমাতো এই আদেশ প্ৰযোজ্য কৰিবলৈ মহকুমাধিপতি লখিমী দত্তই জানিবলৈ দিছে। এই অনুসৰি যি সমূহ যান বাহনৰ পঞ্জীয়ন নুম্বৰৰ শেষৰ সংখ্যাটো অযুগ্ন সংখ্যা যেনে – ১,৩,৫,৭,৯ আদি সেইসমূহ বাহন প্ৰতিটো অজুগ্ন তাৰিখত চলাচল কৰিব পাৰিব। আনহাতে যুগ্ম তাৰিখত যুগ্ম সংখ্যা যেনে – ০,২,৪,৬,৮ আদি সংখ্যাৰ বাহন সমূহ চলাচল কৰিব পাৰিব। মহকুমাখনত পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈকেহে বাহন চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। অবশ্যে এই আদেশ জৰুৰীকালীন সেৱাসমূহৰ বাবে প্ৰযোজ্য নহয়। এই আদেশ মহকুমাখনত তৎকালে বলৱৎ হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। মহকুমাধিপতি লখিমী দত্তই কৈ যে, “ক’ভিড নীতি-নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময় আহি পৰিছে। ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাসকলে কেৱল নিজৰ স্বাস্থ্যৰ বাবেই নহয়, আনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। মই ইতিমধ্যেই দণ্ডাধীশসকলক এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছো। আমি কেইজনমান আইন নমনা লোকৰ বাবে সৰ্বসাধাৰণ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিব নোৱাৰো।” প্ৰশাসনে ব্যাপক ক’ভিড পৰীক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে যাতে আক্ৰান্ত লোকক চিনাক্ত কৰি পৃথকীকৰণৰ ব্যৱস্থা কৰিব পৰা যায়।

