Banana: সাৱধান! সকলোৰে বাবে উপকাৰী নহয় কল!

কলক স্বাস্থ্যকৰ ফল বুলি কোৱা হয়। (Banana) কল আঁহ, পটাছিয়াম আৰু শক্তিৰে ভৰপূৰ। কল স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আপুনি জানেনে যে কিছুমান মানুহৰ বাবে কল অপকাৰী! আচৰিত যেন লাগিলেও এয়া সঁচা কথা। কিছুমান ৰোগত কল খোৱাটো ক্ষতিকাৰক! যদি আপুনি প্ৰতিদিনে কল খাই, তেন্তে কোনবোৰ কাৰণত কল এৰাই চলিব লাগে জানি লওক-

যিসকল লোকৰ বৃক্ক বিকল বা বৃক্কৰ অন্যান্য সমস্যা আছে আৰু ডায়েলাইছিছ কৰি আছে তেওঁলোকে পটাছিয়ামৰ পৰিমাণ সীমিত কৰিব লাগে। বেছিকৈ কল খালে হাইপাৰকেলেমিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্যজনিত গুৰুতৰ সমস্যাও হ’ব পাৰে।

হৰম’নৰ ভাৰসাম্যহীনতা যেনে থাইৰয়ড কম হোৱা বা পিচিঅ’এছ থকা লোকেও বেছিকৈ কল খাব নালাগে।

কলত টাইৰামাইন নামৰ উপাদান থাকে, যিয়ে মাইগ্ৰেইন বা মূৰৰ বিষৰ সূচনা কৰিব পাৰে। যাৰ সঘনাই মূৰৰ বিষ হয় তেওঁলোকে কল খালে সমস্যা বাঢ়িব পাৰে।

যদি পেটৰ সমস্যা আছে, তেন্তে বেছিকৈ কল খোৱাৰ পৰা বিৰত থাকিব লাগে। কলত দ্ৰৱণীয় আঁহ থাকে। বেছিকৈ কল খালে পাচনতন্ত্ৰৰ সমস্যা যেনে গেছ, পেট ফুলা আৰু বদহজমৰ সৃষ্টি হ’ব পাৰে।

Related Articles