শ্ৰীৰামপুৰত বন্ধন বেংকত দিন ডকাইতিঃ পাঁচ লক্ষাধিক টকা লুট কৰি নিয়ে ডকাইতৰ দলটোৱে

চাৰিজনৰ এটা দলে আজি বিয়লি চাৰিমান বজাত বন্ধন বেংকত সোমাই বেংকৰ কেছিয়াৰৰ ওচৰত আহি অস্ত্ৰ টোৱাই পাঁচ লাখ তিনি হাজাৰ টকা লুট কৰি নিয়ে

বন্ধন বেংকৰ সূত্ৰৰ পৰা জানিব পৰা মতে আজি বিয়লি চাৰিমান বজাত হঠাতে চাৰিজন অচিনাকী যুৱক বেংকত প্ৰৱেশ কৰি বেংকৰ কেছিয়াৰৰ ওচৰত আহি আগ্নেয়াস্ত্ৰ টোৱাই ধন দাবী কৰে। কেছিয়াৰ জনে ধন দিবলৈ অমান্তি হোৱাত তেওঁক বন্দুকৰ বাটেৰে কোৱাই গুৰুত্বৰ ভাৱে আহত কৰি পাঁচ লাখ তিনি হাজাৰ টকা কাঢ়ি লৈ যায়।পাছত উক্ত ঘটনাৰ খবৰ পাই শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাস্হলীত উপস্হিত হৈ তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈকে উক্ত ডকাইতিৰ ঘটনাৰ লগত কোন জড়িত সেই সন্দৰ্ভত কোনো শুংসূত্ৰ উলিৱাব পৰা নাই যদিও বেংকত থকা চিচি কেমেৰাৰ ফুটেজ লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Articles