চাৰি চকীয়া বাহন সহ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ আৰু টেবলেট জব্দ । প্ৰথমতে পুঠিমাৰীত আটক দুই জনকৈ সৰবৰাহকাৰী । সৰবৰাহকাৰীৰ শিকাৰুকত্তী মতে পিছত হাতিপতাৰ গিয়াজ উদ্দিনৰ ফাৰ্মাছিত মুঠ ১১৫২৮ টা নিষিদ্ধ টেবলেট আৰু ১৭২৮ খন নিচাযুক্ত কপ চিৰাফ জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমানেও অব্যাহত আছে এই অভিযান । ৰাজ্যজুৰি ব্যাপক ৰূপত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান চলি থকাৰ মাজতে ধুবুৰী জিলাৰ চাপৰ আৰক্ষীও ইয়াৰ ব্যাতিক্রম নহয় । আজি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ সৱল নেতৃত্বত এক গোপন সূত্ৰৰ পমখেদী অভিযান চলাই এখন AS-17H 1357 নম্বৰৰ চাৰি চকীয়া বাহন সহ বৃহত পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ লগতে তিনিজনকৈ সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয় । আটক সৰবৰাহ কাৰী তিনিজন ক্ৰমে গিয়াজ উদ্দিন, হাসেম আলী, আব্দুল মতালেপ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে আজি ৰাতি ৩ বজালৈকে এই অভিযান অব্যাহত ৰাখি চাপৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া গৰাকীয়ে এক বৃহৎ সফলতা অর্জন কৰিবলৈ সক্ষম হোৱা দেখা যায় ।

