দেৰগাঁও বাপুজী মন্দিৰ স্থানীয় যুৱক সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। লগতে বিশেষ সম্বৰ্ধনা জনোৱা হয় সৰ্বভাৰতীয় স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰৱেশিকা পৰীক্ষাত(NEET PG)স্থান লাভেৰে অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ডা° অনুপম তামুলী আৰু গুৱাহাটী বিশ্ববিদ্যালয় পৰা অৰ্থনীতি বিষয়ত PHD সন্মান লাভ কৰা ড° কস্তুৰী গোস্বামীকো সম্বৰ্ধনা জনোৱা হয়।
মিলন জ্যোতি খাটনিয়াৰে আঁতধৰা এই সম্বৰ্ধনা অনুস্থানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে উদয়ন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা। বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে যুৱক সংঘৰ উপদেষ্টা বিচিত্ৰ ভূষণ কলিতা,বুবুল চন্দ্ৰ বৰা,পূৰ্ণ বৰা,ভোলা বৰা ,নবীন তামুলী,প্ৰণৱ বৰুৱা,সাংবাদিক বিজয় হাজৰীকা,অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক বিদ্বান বৰদলৈ,মাৰ্ধুয্য বৰা আদি।
ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

