নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰা বায়ন চুবুৰী নিবাসী সমাজকৰ্মী তথা বিজেপি দলৰ সক্ৰিয় কৰ্মী অৰবিন্দ বৈশ্য আৰু নাই। ৭৪বছৰ বয়সত ভৰি দিয়া জাগাৰা গাঁৱৰ সমাজকৰ্মীজন দীৰ্ঘদিন ধৰি স্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল।
দীৰ্ঘদিন ধৰি তেওঁ স্বাস- প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকজনক তিনিমাহ পূৰ্বে উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে চেন্নাইত চিকিৎসাধীন হৈ আছিল। কিছু সুস্থ হোৱাত পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহে যদিওঁ যোৱা নিশা হাৰ্ট ষ্ট্ৰোক হৈ ইহ সংসাৰৰ পৰা বিদায় লয়। উল্লেখ্য যে সংসাৰ বন্ধনত আৱদ্ধ নোহোৱা ব্যক্তিজন ৰাজহুৱা প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত হৈ আছিল। জাগাৰাৰ দুৰ্গাপূজা সমিতি, সভা-সমিতিকে ধৰি সদৌ অসম কবি সন্মিলনৰ বৰক্ষেত্ৰী শাখাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে সেৱা সমৰ্পণ বটা লাভ কৰা ব্যক্তিগৰাকী বৰক্ষেত্ৰী জাগাৰা মণ্ডল বিজেপিৰ উপ- সভাপতি হিচাপে সক্ৰিয়তাৰে কাম কৰি দল গঠন কৰাত সহায় কৰিছিল। তেওঁৰ মৃত্যুত জাগাৰা জাগাৰা সভা সমিতি, জাগাৰা দুৰ্গাপূজা সমিতি, বৰক্ষেত্ৰী জাগাৰা মণ্ডল বিজেপি, ‘সদৌ অসম কবি সন্মিলন’ৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী কবি সন্মিলনকে ধৰি জাগাৰাৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

