যুৱ মঞ্চ জাগাৰাৰ উদ্যোগত আৰু সাৰথি হস্পিতালৰ সহযোগত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰাত আজি এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ ব্যৱস্থা কৰা হয়। জাগাৰা সভাগৃহৰ সমীপতে থকা ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হয় উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটো।
ৰবিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা স্বাস্থ্য পৰীক্ষা শিৱিৰটোত উপস্থিত থাকে সাৰথি হস্পিটেলৰ চিকিৎসক ডাঃ জোনাক কাশ্যপ(জেনেৰেল ফিজিচিয়ান) আৰু ডাঃ মানশ প্রীতম ডেকা (জেনেৰেল ফিজিচিয়ান), আনহাতে,এই শিৱিৰটোত সহযোগিতা আগবঢ়াই সেৱিকা সহযোগী তৃষ্ণা ৰাজবংশী আৰু জি এন এম তৃতীয় বাৰ্ষিকৰ ছাত্ৰীদ্বয় ৰমাইশ্ৰী বড়ো আৰু জানমণি বেগমে।
সাধাৰণ চিকিৎসাৰ উপৰিও মধুমেহ ৰোগৰ পৰীক্ষা,উচ্চ ৰক্তচাপ ৰোগ, তেজ পৰীক্ষাৰ উপৰিও অন্যান্য ৰোগৰ পৰীক্ষা কৰা হয়। সমাজকৰ্মী সুৰেন ডেকাই উদ্ধোধন কৰা শিৱিৰটোত স্থানীয় সৰবৰহী মহিলা গীতা ডেকা, বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি মহেশ বৰ্মণ,জাগাৰা যুৱ মঞ্চৰ সভাপতি মৃণাল ডেকা, ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ঊষাৰাণী ডেকা,ৰাহুল ডেকা, অজিত বৈশ্য,শিক্ষক গোকুল ডেকা,বিশাল ডেকা, সুৰজিৎ ডেকাৰ লগতে যুৱ মঞ্চৰ কাৰ্যকৰ্তাসকলৰ লগতে বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ- কনিষ্ঠ বিশিষ্ট সমাজকৰ্মীসকল উপস্থিত থাকে। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰটোত অঞ্চলটোৰ ভালেমান লোকে স্বাস্থ্য পৰীক্ষা কৰে।

