বৰক্ষেত্ৰীৰ দমদমাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা গাঁৱত বিগত ২৭ বছৰৰ দৰে এইবেলিও গাঁওখনৰ ৰাইজৰ উদ্যোগত তিনিদিনীয়াকৈ উদযাপন কৰা হয় মহাশিৱৰাত্ৰি ৷ কালি ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যসূচীৰে শিৱক আৰাধনা কৰাৰ পাছত আজি উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি উলিওৱা শোভাযাত্ৰাটো উদ্বোধন কৰে পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ সদস্যা চিমি বৰ্মনে।

লগতে উপস্থিত থাকে জনপ্ৰিয় ইউটিউবাৰ মিথুন দাস। অসমীয়া জাতি-জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি-সংস্কৃতিসমূহ উপস্থাপন কৰি উলিওৱা শোভাযাত্ৰাটো দমদমা গাঁৱৰ মাজেৰে ভ্ৰমণ কৰে। শোভাযাত্ৰাটোত মহাশিৱৰাত্ৰি উদযাপন সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰ্মন, সম্পাদক ভগবান ডেকা,পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক মিন্টু দত্ত, ৫৮নং মুগদি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য নৃপেন বৰ্মন, বিজেপি নেতা দধি বৰ্মনেকে প্ৰমুখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

চালে চকুৰোৱা বৰ্ণাঢ্য শোভাযাত্ৰাত মুগ্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজৰ লগতে পথচাৰী। আজি সন্ধিয়া হীৰামণি বৈশ্যৰ নাগাৰা নাম, নিশা নৱজাগৰণ ভ্ৰাম্যমাণ নাট্যদলৰ নাট পৰিৱেশন কৰিব।

Related Articles