নাজিৰা : আজি তিনিদিন ধৰি নগা পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত নগা পাহাৰৰ পৰা ওলোৱা বৰনৈ বাঢ়নী পানীয়ে সীমান্তবৰ্তী গেলেকীৰ বিস্তূৰ্ণ অঞ্চল জলমগ্ন কৰি তুলিছে। নদীখনৰ বাঢ়নী পানীয়ে গেলেকী ন-আলি, ৰঙাগড়া, চপৰীয়া আদি বিভিন্ন অঞ্চলত বহু ঘৰ আৰু কৃষি ভূমি বুৰাই পেলাইছে। গেলেকী-ৰঙাগড়া পথৰ ওপৰেৰে পানী বাগৰি বহু মানুহৰ ঘৰ জলমগ্ন কৰি তোলাৰ লগতে শাওণৰ কৃষিভূমিৰ ৰোৱা সমূহ নষ্ট কৰিছ। নদীখনৰ বাঢ়নি পানী গেলেকী-ৰঙাগড়া বিধ্বস্ত পথৰ ওপৰৰে বাগৰিব ধৰাত পথটোৰ পুখুৰী সদূশ গাঁতসমূহৰ বাবে যাতায়তত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি নদীখনৰ বাঢ়নী পানীয়ে বিস্তূৰ্ণ অঞ্চল জলমগ্ন কৰি তোলাত অ’এনজিচিৰ তৈলক্ষেত্ৰ সমূহৰ বৰ্জিত খাৰুৱাতেল মিশ্ৰিত গেদেৰীসমূহ বাঢ়নী পানীত মিহিলৈ সেইবোৰ বিভিন্ন স্হানৰ কৃষিভূমিত পৰাৰ ফলত ধানকে আদি কৰি বিভিন্ন কৃষি নষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

