Breaking

এম জি এনৰেগা কাম পৰিদৰ্শন বৰপেটা উন্নয়ন খণ্ড বিষয়া ছৰিফ আলীৰ

0 169

এম জি এনৰেগা আঁচনিৰ অধীনত ৰূপায়ন হোৱা কেইবাটাও কাম পৰিদৰ্শন কৰি বুজ লয় বৰপেটা খণ্ড উন্নয়ন বিষয়া ছৰিফ আলীয়ে। উন্নয়ন খণ্ডটোৰ অধীনস্থ ১১ টা গাওঁ পঞ্চায়তত এম জি এনৰেগাৰ অধীনত চলি থকা অধিকাংশ কাম পৰ্যালোচনা কৰি সন্তুষ্টি লাভ কৰা দেখা গৈছে যদিও কিছু কামত অলপ পৰিমাণে বিসংগতি দেখা পায় তেওঁ। এই ক্ষেত্ৰত কাম চোৱা চিতা কৰাৰ দ্বায়িত্বত থকা জে ই আৰু জি আৰ এছৰে আলোচনা কৰে বিডিঅ ছৰিফ আলীয়ে । বিডিঅ ছৰিফ আলীয়ে কাম পৰিদৰ্শন কৰাত ৰাইজেও আনন্দিত হৈ তেওঁৰ সৈতে মত বিনিময় কৰে। আজি উন্নয়ন খণ্ডটোৰ অধীনস্থ ১ নং ভেল্লা গাওঁ পঞ্চায়ততো বিভিন্ন কাম পৰিদৰ্শন কৰি তেওঁ আঁচনিৰ সফল ৰূপায়ন হোৱা বুলি জানিবলৈ দিয়ে। কাম অনুপাতে ধনৰ আৱন্টন দিলে কামৰ মানদণ্ড উন্নত হয় বুলি উল্লেখ কৰে। এম জি এনৰেগাৰ কামৰ জড়িয়তে যে সচাকৈয়ে গ্ৰাম্যাঞ্চলৰ বাট পথ, নলা নৰ্দমা আদি যাতায়ত ব্যৱস্থাৰ উন্নয়ন হয় সেই কথা উপলব্ধি কৰে। যাতায়তৰ ক্ষেত্ৰত পিছপৰা ভেল্লা গাঁওত উন্নত যাতায়ত ব্যৱস্থা কৰাত এম জি এনৰেগাৰ কামে বিশেষ ভূমিকা লৈছে বুলি কব পৰা যায় যদিও সেই অনুপাতে কামৰ আবন্টন কমকৈ হোৱা পৰিলক্ষিত হৈছে। ভেল্লা গাঁও পঞ্চায়তক আদৰ্শ গাওঁ পঞ্চায়ত হিচাপে গঢ়ি তুলিবলৈ ৰাইজে প্ৰচেষ্টা লোৱাৰ বাবে বিডিঅ গৰাকীয়ে আহ্বান জনায়। কাম পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে থাকে এক্ৰিডিয়েটেড ইঞ্জিনিয়াৰ আমিন হুছেইন, জি আৰ এছ আক্তাৰ হুচেইনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। উল্লেখযোগ্য যে, সময়মতে কাম পৰিদৰ্শন নকৰাৰ বাবে বহু কামৰ বৰ্তমান মানদণ্ড ঠিক থকা নাই।

Leave A Reply