বৰপেটা কেঞ্চাৰ হস্পিতাল পৰিদৰ্শন অভিভাৱকমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

বৰপেটা কেঞ্চাৰ হস্পিতাল পৰিদৰ্শন অভিভাৱকমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।বৰপেটাত কেঞ্চাৰ হস্পিতাল উদ্বোধন হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।পৰিদৰ্শন কৰি বহিঃ বিভাগ আৰু আন্ত:বিভাগৰ ৰোগীৰক সৈতে মত বিনিময়।

দুখীয়া কৰ্কট ৰোগীযে চেন্নাই বা ভেলৰৰ সলনি অত্যাধুনিক বৰপেটা কেঞ্চাৰ হস্পিতালত চিকিৎসা সেৱা লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে ৰোগী সকলে।উল্লেখ্য যে আঢ়ৈ মাহত বৰ্তমালৈকে ২১৯১ টা বহিঃ বিভাগত চিকিৎসা সেৱা লাভ,৮১৯ গৰাকী আন্ত বিভাগত,কেম থেৰাপি ৫৭৯ গৰাকীক প্ৰদান, চিটি স্কেন কৰা হয় ৩৯৯ গৰাকীক,ৰেডিয়েচন ৯৩ গৰাকীক দি থকা হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

মেডিকেল কলেজৰ কাষত ১০০ বিছনাযুক্ত মাতৃ আৰু শিশু হস্পিতাল নিৰ্মাণ কার্য ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হৈ উঠিব।কোভিড পৰিস্থিতিৰ পিছত ৫৪ হাজাৰ ৰোগীয়ে চিকিৎসা লাভ কৰিছে।ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বাবে সুযোগ গ্ৰহণ কৰা বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

Related Articles