বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য শিবিৰ

বৰপেটা জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ তেজৰ শৰ্কৰাৰ পৰীক্ষা কৰাৰ উপৰি ৰক্তচাপ আদিৰো পৰীক্ষা কৰি অভিজ্ঞ চিকিৎসকে উপযুক্ত বিধান প্ৰদান কৰে। উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ উপৰিও জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়া সকলেও এই শিবিৰত অংশগ্ৰহণ কৰে।

শিবিৰত কাৰ্যালয়ৰ প্ৰায় দুই শতাধিক বিষয়া-কৰ্মচাৰীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা্ই জনাই – এনে স্বাস্থ্য শিবিৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে সময়ে সময়ে অনুষ্ঠিত কৰাৰ বাবে উপায়ুক্তই নিৰ্দেশ দিছে। প্ৰতিজন বিষয়া-কৰ্মচাৰী যাতে সুস্থ-সবল হৈ থাকে তাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে।

Related Articles