Barpeta Holi 2025: হোলী গীতৰ সুৰত দ্বিতীয় বৈকুণ্ঠপুৰীৰ পৰিৱেশ বৰপেটা সত্ৰত

দৌল মহোৎসৱক লৈ হোলী গীতৰ সুৰত এতিয়া উখল- মাখল পৰিৱেশ বৰপেটা সত্ৰত। বৰপেটাৰ আকাশ বতাহে এতিয়া কেৱল কৃষ্ণভক্তিক আধাৰ(Barpeta Holi 2025) কৰি ৰচিত হোলীগীতৰ সুৰৰ মূৰ্চনা। বিভিন্ন সংগঠন, অনুষ্ঠানৰ উদ্যোগত চলিছে হোলী গীত পৰিৱেশৰ নানান অনুষ্ঠান। আজি বৰপেটাৰ ক্লাৱ ৰাইজিঙৰ উদ্যোগত ২৫ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাটে বাটে হোলী গীত প্ৰতিযোগিতা। কুৰিটাৰো অধিক দলে আজি এই কাৰ্যসূচীত হোলী গীত পৰিৱেশন কৰে।‌

বৰপেটা সত্ৰৰ দালান তথা কৰাপাটৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাৱৰ বাকৰিত।‌ প্ৰতিবছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোক সমবেত হয়।‌ সত্ৰৰ কৰাপাটৰ তলত বাটে বাটে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে। তেওঁ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আশীষ বাণী দিয়ে।


ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলীগীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাটে বাটে হোলীগীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, গায়িকা মৰ্মিতা মিত্ৰ আৰু অভিনেত্ৰী ৰিচা চেত্ৰী।


তিনিওগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে এক কাৰ্যসূচীত যোগদানৰ সুযোগও লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। মৰ্মিতা মিত্ৰই কয় যে তেও কেবাবছৰ পাছত হোলী উদযাপন কৰিছে।‌ সেই উদযাপন বৰপেটাত কৰিবলৈ পাই অধিক আনন্দিত হৈছে। একেদৰে ৰিচা চেত্ৰীয়ে বৰপেটাৰ দৌল উৎসৱ আৰু হোলী গীতক লৈ ইমান দিনে শুনি অহা কথাবোৰ এইবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰি অভিভূত হোৱা বুলি জনায়।

Related Articles