বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ আজি সত্ৰত পালন কৰা হৈছে ভৰ দৌল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ তাৰ পাছত বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ পাতনি মেলে ৷

বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰদৌল ৷ পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য – নৈমিত্তিক প্ৰসংগ চলাৰ পিছত গোসাইৰ সন্মুখত যোগমোহন গৃহত ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয় ৷ দৌলত থকা দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাইক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দিয়াৰ পিছত ভকত সকলে দুয়োজনা গোসাইক ফাকুগুৰি দি সেৱা জনায় ৷

দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে ৷ উল্লেখ্য যে দুয়ো গোসাইক দৌল গৃহৰ পৰা বৃহস্পতিবাৰে নিশা নমোৱা হব ৷ গোসাইক দৌল গৃহৰ পৰা নমাই প্ৰথমে যোগমোহন গৃহত ৰাখিব আৰু পুৱতি নিশা সত্ৰৰ বাৰান্দাত থকা সু-সজ্জিত স্থানত ৰাখিব ৷ শুক্ৰবাৰে অনুষ্ঠিত হব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ সুৱেৰী ৷

Related Articles