Breaking

বৰপেটা HSLC ১৯৮৫ কল্যাণ সমিতি,বৰপেটাত পিতৃ-মাতৃৰ আশীষ বিচাৰি স্মৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান

0 1,069

একোটা অঞ্চলৰ একেটা বছৰত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ ওপৰতো নিৰ্ভৰ কৰে একো একোটা অঞ্চলৰ উন্নয়ন৷
তেনে বহু শিক্ষাৰ্থীয়ে ব্যক্তিগতভাৱে প্ৰতিষ্ঠিত হোৱাৰ লগতে সমাজক নেতৃত্ব বহনেৰে আগবঢ়াই নিয়ে নিজ অঞ্চলটোক৷বৰপেটা চহৰৰ পৰা ১৯৮৫ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসকল আজি ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হোৱাৰ লগতে বৰপেটাৰ সমাজজীৱনৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে৷বৰপেটা HSLC ১৯৮৫ কল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠানটোৱে আজি বৰপেটাত অনুষ্ঠিত কৰে পিতৃ-মাতৃৰ আশীষ বিচাৰি স্মৰণ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ৷যিসকল পিতৃ মাতৃৰ অশেষ ত্যাগৰ ফলত নিজ সন্তানসকল প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে সেই পিতৃ মাতৃসকলৰ সৈতে একেলগে এটা দিন উদযাপন কৰা, একেলগে খোৱা, একেলগে আনন্দ উপভোগ কৰাৰ উদ্দেশ্যৰে আজি পালন কৰা হৈছে পিতৃ-মাতৃৰ আশীষ বিচাৰি স্মৰণ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ৷

কৰ্মব্যস্ততা আৰু কৰ্মসূত্ৰে পিতৃ মাতৃৰ পৰা আতৰি থকা নিজৰ সন্তানৰ লগতে আন সকলকো এনেদৰে একেলগে লগ পাই মনৰ বতৰা লৈ সুখী আৰু আনন্দিত হৈছে এইসকল পিতৃমাতৃ ৷

Leave A Reply