Breaking

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিবাদ…

0 162

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিবাদ ৷বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃত্যুৰ ঘটনাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত প্ৰতিবাদ ৷ দেওবাৰে বেকী নৈৰ পৰা উদ্ধাৰ হৈছিল মহাবিদ্যালয় খনৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃতদেহ ৷ ৬ মেৰ পৰা সন্ধানহীন হৈ থকা ছাত্ৰজনৰ মৃত্যুৰ ঘটনাৰ সৈতে জৰিত সকলক বিচাৰি উলিয়াবলৈ দাবী আৰক্ষীক ৷

বৰপেটা চহৰৰ মাজেৰে সমদল কৰি আহি বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান কৰি হিমজ্যোতি দাসৰ মৃত্যুৰ তদন্তৰ দাবী জনায় ৷ইপিনে ছাত্ৰজনৰ আত্মহত্যাৰ ঘটনাৰ সৈতে পাঠশালাৰ এগৰাকী যুৱক জৰিত থকা বুলি উঠা অভিযোগৰ ওপৰতো তদন্তৰ দাবী জনায় ছাত্ৰ- ছাত্ৰীসকলে ৷

উল্লেখ্য যে, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কলা শাখাৰ ষষ্ঠ সান্মাষিকৰ ছাত্ৰ হিমজ্যোতি দাসে প্ৰেমজনিত কাৰনত ৬ মেত আত্মহত্যা কৰিছিল ৷সন্ধিয়া ঘৰৰ পৰা বৰপেটালৈ ওলাই অহা ছাত্ৰজনৰ মৃতদেহ ৮ মেত বেকী নৈত উদ্ধাৰক লৈ বৰপেটাত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

Leave A Reply