সমগ্ৰ অসমৰ লগতে বৰপেটা (Barpeta News) জিলাৰ বৰপেটা শিক্ষাখণ্ডতো যোৱা ৫ আগষ্টৰ পৰা আৰম্ভ হোৱা টিচিং এট ডা ৰাইট লেভেল চমুকৈ TaRL ৰ প্ৰশিক্ষণ আজি সফলভাৱে সমাপ্ত কৰা হৈছে। বৰপেটা শিক্ষাখণ্ডৰ দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে বৰপেটা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লীলাধৰ দাস আৰু সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া সীতাঙ্গ ডেকাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডায়েট বৰপেটাৰ প্ৰৱক্তা ড০ পাপৰি মজুমদাৰ আৰু সমগ্ৰ শিক্ষা বৰপেটাৰ সমাজ জড়িতকৰণ গোটৰ জিলা আচনি বিষয়া নিৰঞ্জন ওজা ।

খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে আত ধৰা উদ্বোধনী সভাত সভাপতিত্ব কৰে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাৰু চক্ৰৱৰ্তীয়ে। প্ৰথম দিনাই প্ৰশিক্ষণ পৰ্যবেক্ষণ কৰে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰাই। প্ৰশিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগত মত বিনিময় কৰি তেওঁ এই প্ৰশিক্ষণে তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ শিকণ ঘাটি নাইকিয়া কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব বুলি মত প্ৰকাশ কৰে। শ্ৰী বৰাই বৰপেটা জিলাৰ সকলো বিদ্যালয়কে টিচিং এট ডা ৰাইট লেভেলৰ সকলো কাৰ্যসূচী অনাগত ৩ মাহত সফলভাৱে আৰু আন্তৰিকতাৰে পালন কৰিবলৈ আহ্বান জনায়।

আনহাতে জুৰোৰাম পাঠক ছোৱালী হাইস্কুল প্ৰাংগনত প্ৰশিক্ষণটো শুভাৰম্ভ কৰে বৰপেটাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শিকা নিয়তি পাঠকে। তেওঁক সংগ দিয়ে জুৰোৰাম পাঠক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী দিপালী দাস আৰু শিক্ষক শান্তনু বৰুৱাই। বৰপেটা শিক্ষাখণ্ডৰ ৩১১ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক এই প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থী হিচাপে বাচনি কৰা হৈছে। তাৰবাবে জড়িত কৰা হৈছে ১৪ গৰাকী সমল ব্যক্তি আৰু ১০ গৰাকী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক। প্ৰশিক্ষণটো পৰ্যবেক্ষণ কৰি ৰাজ্যিক পৰ্যায়ৰ পৰা অহা “প্ৰথম”ৰ দুয়োগৰাকী পৰ্যবেক্ষকে সন্তুষ্টি প্ৰকাশ কৰে আৰু সকলো প্ৰশিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰীক অনাগত তিনিমাহত নিষ্ঠা সহকাৰে “টিচিং এট ডা ৰাইট লেভেল”ৰ সকলো দিশ পৰিচালনা কৰিবলৈ আহ্বান জনায়।

বৰপেটা শিক্ষা খণ্ডত অনুষ্ঠিত এই প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়টোৰ চাৰিওটা দিন সময়ে সময়ে পৰ্যবেক্ষণ কৰি সমল ব্যক্তি আৰু প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন পৰামৰ্শ দি থাকে সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া সীতাংগ ডেকা, সমগ্ৰ শিক্ষা বৰপেটাৰ নিপুন অসমৰ জিলা প্ৰালোচক মীনাক্ষী দাস, অনুপম নাথ, মুখ্য সমল ব্যক্তি চম্পক নাথ, অৰুপ ভূঞা, বি ই ই অʼ লীলাধৰ দাস আৰু এছ আই নিয়তি পাঠকে।
উল্লেখযোগ্য যে “টিচিং এট্ ডা ৰাইট লেভেল” চমুকৈ TaRL ৰ জৰিয়তে তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰে শিক্ষাৰ ক্ষেত্ৰত সঠিক স্তৰ নিৰূপণ কৰা হ’ব আৰু সেই মতে পাঠদানৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ডৰ উন্নত কৰা হ’ব অৰ্থাৎ ছাত্ৰ ছাত্ৰীক সঠিক স্তৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া কিশোৰ ৰাজবংশী আৰু বৰপেটাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক প্ৰদীপ দাসে।

