বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন,৮ জুন:: বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাই আহিছে ড্ৰাগছ আৰু সুৰাৰ ব্যৱসায়ী । একাংশই চলাই এ আহিছে এনে অবৈধ ব্যৱসায়। বৰপেটা আৰক্ষীয়ে অভিযান চলাই দুজন সুৰাৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আতকধীন ব্যৱসায়ী দুজন বৰপেটা চহৰৰ দহাতিৰ সঞ্জয় দাস আৰু ফাতাহাটীৰ দণ্ডজিত ওজাক আটক কৰে। তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে।এই দুজন ব্যৱসায়ীযে দীৰ্ঘদিন ধৰি সুৰাৰ ৰোমৰমীয়া ব্যৱসায় চলাই আছিল।ইতিমধ্যে আৰক্ষীয়ে এই সংক্ৰান্তত1344/21 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে আৰু মহামান্য আদালতত প্ৰেৰণ কৰে।