Breaking

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক সাক্ষাৎ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ৷মাধৱদেৱ মহাপুৰুষ স্থাপিত বৈঠাপুতা ঘাট সত্ৰ ৰক্ষাৰ আহ্বান বুঢ়াসত্ৰীয়াগৰাকীৰ

0 1,067

বৰপেটাৰ বাঘবৰত অৱস্থিত মাধৱদেৱ গুৰুৱে স্থাপন কৰা বৈঠাপুতা ঘাট সত্ৰত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া৷সত্ৰখনৰ প্ৰতি সৃষ্টি হোৱা খহনীয়া সমস্যা সম্পৰ্কে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক সাক্ষাৎ কৰি সত্ৰখনৰ পৰিস্থিতি সম্পৰ্কে অবগত কৰে৷

বুঢ়াসত্ৰীয়াগৰাকীৰ বাসগৃহত উপস্থিত হৈ বিধায়ক শ্বেৰমান আলী আহমেদে সত্ৰখন ৰক্ষাৰ বাবে তেও গ্ৰহন কৰা পদক্ষেপ সম্পৰ্কে অবগত কৰে ৷ইপিনে বিধায়কগৰাকীৰ সৈতে আলোচনাৰ পিচতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক সত্ৰখন ৰক্ষাৰ বাবে ব্যৱস্থা লবলৈ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীয়ে আহ্বান জনায়৷

Leave A Reply