বিগত বছৰসমূহৰ দৰে এই বছৰো ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ পালন কৰা হৈছে । বৰপেটা সত্ৰৰ প্ৰাণপ্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ এইবেলি সত্ৰখনত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদ্যাপন কৰা হৈছে । মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱা যুগল প্ৰসংগ সমাৰোহ অনুষ্ঠিত হয় ।বিয়লি প্ৰথমখন ধর্মালোচনা সভা অনুষ্ঠিত হয় । ধর্মালোচনা সভা উদ্বোধন কৰে বৰপেটা সত্ৰৰ ঘাই ভঁৰালী নাৰায়ণ আতৈ বুঢ়াভকতে ।

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক সভাপতিত্বত অনুষ্ঠিত ধর্মালোচনা সভাখন ভালে সংখ্যক ধৰ্মপ্ৰান ৰাইজ উপষ্ঠিত থাকে৷

