বৰপেটা শিৰোমণি বঁটা প্ৰাপক অৰ্জুন দাসৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ “অক্লান্ত অৰ্জুন” উন্মোচন ৷

বৰপেটা শিৰোমণি আৰু তাঁতীকুছি বঁটা প্ৰাপক তথা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন দাসৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ “অক্লান্ত অৰ্জুন” আজি উন্মোচন কৰা হয় ৷বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অৰ্জুন দাসৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে ৷অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যকৃষ্ণ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যৰ্পনেৰে শুভাৰম্ভ কৰা হয় ৷বন্তি প্ৰজ্বলন কৰে অৰ্জুন দাসৰ সহধৰ্মিনী প্ৰিয়ম পাঠকে ৷শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ “অক্লান্ত অৰ্জুন” উন্মোচন কৰে শিক্ষাবিদ ড° তাৰকেশ্বৰ চৌধুৰীয়ে ৷

চৌধুৰীয়ে উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পায় নিজকে অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে অৰ্জুন দাসৰ লগত কটোৱা স্মৃতি ৰোমন্ঠন কৰি কয় অৰ্জুন দাস এগৰাকী শিক্ষাবিদ হোৱাৰ উপৰিও সমাজত এজন সমাজ কৰ্মী আৰু সমাজ সংগঠক হিচাপে বিশেষ জনপ্ৰিয়তা আছিল।

অনুষ্ঠানটিত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই কয় অৰ্জুন দাস ছাৰ আছিল শিক্ষক, শিক্ষাবিদ আৰু শিক্ষা সংগঠক এই ত্ৰিবেনী সংগম হৈছিল তেওৰ ব্যক্তিত্ব ৷ তেও আছিল সমাজ সেৱক, সমাজ সংগঠক আৰু সাংস্কৃতিক সেৱক, সাংস্কৃতিক সংগঠক ৷ বৃহত্তৰ বৰপেটা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত আছিল তেও ৷ তেও এই স্মৃতিগ্ৰন্থ খনে তেওৰ স্মৃতি বহন কৰিব ৷ এই গ্ৰন্থখনৰ যোগেদি তেও বহু বছৰ জীয়াই থাকিব আৰু নতুন পুৰুষে তেওৰ স্মৃতি সোৱৰি উপকৃত অনুপ্ৰানিত হব ৷অনুষ্ঠানত বিশিষ্ট লেখক দয়ানন্দ পাঠক, অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই অৰ্জুন দাসৰ কৰ্ম জীৱনৰ লগতে এজন সমাজৰ আদৰ্শ ব্যক্তি হিচাপে আলোকপাত কৰে।

Related Articles