ভাৰতীয় গো- সুৰক্ষা বাহিনীৰ বৰপেটা জিলা সমিতি গঠন

 গো- সুৰক্ষাৰ লগতে ৰাজ্যত চলি থকা অবৈধ চিণ্ডিকেট বন্ধ কৰাৰ লক্ষ্যৰে আজি বৰপেটাত গঠন কৰা হয় ভাৰতীয় গো- সুৰক্ষা বাহিনীৰ বৰপেটা জিলা সমিতি ৷ জিলা সমিতিখন গঠন কৰাৰ উদ্দেশ্যে উত্তৰ বৰপেটাস্থিত গো- সুৰক্ষা বাহিনীৰ অস্থায়ী কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বৰপেটা সদৰ থানাৰ সহকাৰী উপ পৰিদৰ্শক বিপুল দাসে ৷ জিলা সমিতি গঠন কৰা সভাখনত ভাৰতীয় গো- সুৰক্ষা বাহিনীৰ ৰাজ্যিক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে দ্বিপেন শৰ্মা আৰু কুসুম শৰ্মা উপস্থিত থাকে লগতে তেওঁলোকে সংবাদ মাধ্যমৰ আগত ইয়াকো জনাই যে গো-মাতাৰ সুৰক্ষাৰ বাবে অসমৰ সমগ্ৰ জিলাতে তেওঁ লোকে কাম কৰি যাব। অবৈধ গৰুৰ সৰবৰাহ আৰু হত্যা বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰিব। লগতে ইয়াকো জনাই যে গো-সুৰক্ষাৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত তেওঁক সম্পূৰ্ণ সহযোগীতা আগবঢ়াব।

Related Articles