Breaking

বিটিআৰৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ শতাধিক ভক্তক লৈ বাবা ধামলৈ যাত্ৰা কৰিলে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই

0 1,540

বিটিআৰৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ শতাধিক ভক্তক লৈ দেৱঘৰৰ বাবা ধামলৈ যাত্ৰা আৰম্ভ কৰিলে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই। উল্লেখ্য যে আজি পবিত্ৰ শ্ৰাৱণ মাহৰ প্ৰথমটো সোমবাৰ৷ সেয়ে প্ৰত্যক শিৱ মন্দিৰতে অসংখ্য ভক্তই বাবা ভোলানাথৰ আশীস লবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।এইক্ষেত্ৰত পিছপৰি থকা নাই ফকিৰাগ্ৰাম সমষ্টিৰ পাৰিষদ তথা বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই।

আজি ফকিৰাগ্ৰাম সমষ্টিৰ ভক্ত আৰু বিজেপিৰ বুথ সভাপতি সকলৰ লগতে দলীয় কৰ্মী তথা সমৰ্থকক লগত লৈ সম্পূৰ্ণ ব্যক্তিগত খৰচৰে দেৱঘৰৰ বাবা ধামলৈ যাত্ৰা আৰম্ভ কৰিছে অৰূপ কুমাৰ দেই ৷ বাবা শিৱৰ আশিস লবলৈ যাত্ৰা নিজ ঘৰৰ পৰা আৰম্ভ কৰি প্রথমে কোকৰাঝাৰৰ পাগলা বাবা মন্দিৰত বাবা শিৱৰ পূজা অর্চনা কৰি দেৱঘৰৰ বাবা ধামলৈ যাত্ৰা আৰম্ভ কৰে। যাত্ৰা আৰম্ভ কৰা বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই শুভ মূহুৰ্তত সংবাদ মাধ্যমৰ আগত কয় যে সমষ্টিবাসী কৰ্মী সমৰ্থকৰ লগত একেলগে বাবা ধামলৈ যাত্ৰা কৰিবলৈ পাই নিজকে সূখী অনুভৱ কৰিছে আৰু অসমৰ লগত বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ মংগলৰ বাবে বাবা শিৱৰ ওচৰত আৰ্শীবাদ বিচাৰিব বুলি মন্তব্য কৰিছে।

বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ প্ৰতিবোদন

Leave A Reply