Breaking

তেজপুৰৰ প্ৰসিদ্ধ ভাৱৰীয়া তথা নাট্য শিল্পী বসন্ত কুমাৰ দাসৰ পৰলোকপ্ৰাপ্তি…

0 25

পহিলা ব’হাগৰ দিনটোতেই দ-পৰ্বতীয়া লেঙাচুবুৰি নিবাসী বসন্ত কুমাৰ দাসে আকস্মিকভাৱে ৭৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। দ-পৰ্বতীয়াৰ এগৰাকী সুযোগ্য সন্তান দাসদেৱে অতি কম বয়সতে মহাপুৰুষীয়া নাট ভাওনাৰ প্ৰতি আকৃষ্ট হৈ পাছলৈ এগৰাকী সুদক্ষ ভাৱৰীয়া হিচাপে ৰাৱন, চান্দ সদাগৰ, মন্ত্ৰী – সেনাপতি আদি বিশেষ ভাৱত অংশগ্ৰহণ কৰি নিজৰ খ্যাতি আৰু দক্ষতাৰে অঞ্চলটোৰ ভাওনা সংস্কৃতিৰ এগৰাকী অবিসম্বাদী ভাৱৰীয়া হিচাপে নৱ প্ৰজন্মক সাহস আৰু প্ৰেৰণাৰে উদ্বুদ্ধ কৰি থৈ গৈছে। ভাৰত বৰ্ষৰ স্বাধীনতাৰ উলহ মালহৰ বৰ্ষ – ১৯৪৭ চনত জন্মগ্ৰহণ কৰা এই ক্ষণ জন্মা শিল্পী গৰাকীয়ে নাট্য শিল্পৰ লগত জড়িত হৈ এগৰাকী প্ৰসিদ্ধ অভিনেতা হিচাপে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, চিত্ৰলেখা ৰঙ্গমঞ্চ, বিজয়া নাট্য মন্দিৰ, ঊষা নাট্য মন্দিৰ, মাধৱ মন্দিৰ নাট সমাৰোহ আদিৰ উপৰিও অসমৰ বিভিন্ন ৰঙ্গমঞ্চত বলিষ্ঠ অভিনয়েৰে সাধনাৰ জখলা বগাই খ্যাতিৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়।


এগৰাকী অক্লান্ত সমাজ কৰ্মী তথা জীৱিকা সূত্ৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু অতি মৃদুভাষী শিল্পী গৰাকী মৃত্যুৰ সময়লৈকে সৰ্বজন সমাদৃত ব্যক্তি হিচাপে পৰিগণিত হৈছিল। নিজৰ দৃষ্টান্ত মূলক জীৱন চৰ্য্যা আৰু অসাধাৰণ প্ৰতিভাসম্পন্ন কৰ্মশৈলীৰ বিৰল নিদৰ্শনৰ আপাহতে সদ্য সমাপ্ত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনত সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও দ-পৰ্বতীয়া আঞ্চলিক ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভা, মাধৱ মন্দিৰ বহুমুখী প্ৰকল্প আদিৰ দ্বাৰা বিশেষ সম্বৰ্দ্ধনা গ্ৰহণ কৰি নিজৰ জীৱন ধন্য কৰিলে। তেখেতৰ বিয়োগত সমাজে এগৰাকী প্ৰবীণ শিল্পী তথা অগ্ৰণী সমাজ কৰ্মীক অকালতে হেৰুৱালে। মৃত্যুৰ সময়ত পত্নী সহ দুজন পুত্ৰ আৰু বোৱাৰী, একমাত্ৰ জীয়ৰী আৰু জোৱাই তথা এজন ভাতৃ আৰু ভাতৃবধূ, নাতি – নাতিনী ভতিজা
সহ পৰিয়াল পৰিজনৰ লগতে অগণন গুণমুগ্ধক এৰি থৈ যায়।

Leave A Reply