Breaking

বকোৰ সৰ্বমঙ্গলা দুৰ্গাবাড়িত বাসন্তী পূজাৰ প্ৰস্তূতি…

0 1,025

সমাজত শান্তি শৃংখলা প্ৰতিষ্ঠা কৰিবলৈ আৰু ধৰ্মীয় সত্তা গঢ়ি তুলিবলৈ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত,বকোস্থিত সৰ্বমঙ্গলা দুৰ্গাবাড়িত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা বাসন্তী পূজাৰ। বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ডাকুৱাপাৰাৰ সৰ্বমঙ্গলা দুৰ্গাবাড়িৰ পূজক তথা ধৰ্মপ্ৰাণ ব্যক্তি কৃষ্ণ কান্ত ব্যানাৰ্জীৰ একক তৎপৰতাত আয়োজন কৰা হয় এই মা বাসন্তী পূজা ভাগী। এই বেলি পঞ্চদশ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে দেৱী পূজাৰ।পূজক কৃষ্ণ কান্ত ব্যানাৰ্জীয়ে জনোৱা মতে ২৩ চ’ত অৰ্থাৎ ৭ এপ্ৰিলৰ পৰা ২৭ চ’তলৈ তথা ১১ এপ্ৰিললৈ বিধি বিধান অনুসৰি মাংগলিক নিয়মৰে পালন কৰা হ’ব পূজা ভাগী।

সৰ্বমঙ্গলা দুৰ্গাবাড়িৰ পৰিয়ালৰ কিশোৰ কুমাৰ ব্যানাৰ্জী আৰু তাপশ কুমাৰ ব্যানাৰ্জীয়ে জনোৱা মতে মা বাসন্তী পূজাৰ কাৰ্য্যক্ৰমণিকা অনুসৰি ৭ এপ্ৰিলৰ সন্ধিয়া দেৱী মাৰ আমন্ত্ৰণ ও অধিবাস আৰু পূজা শুভাৰম্ভ হয়। ৮ এপ্ৰিলত যথা ৰীতি বিধি মতে বিহিত সপ্তমী পূজা। ইফালে বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বেদ বেদান্তৰ ৰীতি-নীতি মতে আজি মহা অষ্টমী পূজা পৰ্ব সম্পন্ন হয়। লগতে নৱমী পূজা সমাপন কৰাৰ পিছত অৰ্থাৎ ১১ এপ্ৰিলত দেৱী মাৰ দশমী বিহিত পূজা ৰূপায়ণ কৰা হ’ব। ইফালে পূজাৰ আটাইকেইদিনতে পূষ্পাঞ্জলী ; নাম প্ৰসংগ ; আয়তি নাম ; আৰতি প্ৰদৰ্শন ; প্ৰসাদ ও ভোগ বিতৰণ আদি কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় বুলি জনায় কৃষ্ণ কান্ত ব্যানাৰ্জীয়ে। 

Leave A Reply