Breaking

বটদ্ৰৱা প্ৰকল্প হ’ব লাগিব ভৱিষ্য দৰ্শনৰ ৰূপৰেখা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 2,267

শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী পূজিঁলৈ একলক্ষ টকাৰ এখন চেক প্ৰদান
বটদ্ৰৱা প্ৰকল্প”ৰ ক্ষেত্ৰত  লোৱা এই দৃঢ় সিদ্ধান্তৰ বাবে সমূহ বটদ্ৰৱা বাসীৰ হৈ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা আঙুৰলতা ডেকাৰ

গুৰুজনায় অসমীয়া জাতিক সকলো অৱদানেৰে সৰ্বাঙ্গ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে। আজি এই মহামাৰীৰ সময়ত আমি গ্ৰহন কৰা বিজ্ঞান সন্মত ব্যৱস্থাৱলী গুৰুজনে পঞ্চদশ শতিকাতে গ্ৰহণ কৰি অসমীয়া মানুহক সামাজিক ভাৱে সংস্কাৰমুখী হিচাপে গঢ়ি তুলিছিল ।সেয়ে গুৰুজনাৰ আদৰ্শৰাজিক প্ৰতিফলিত কৰি নিৰ্মাণ কৰিবলৈ আগবঢ়া এই বটদ্ৰৱা প্ৰকল্পই অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ হ’ব লাগিব। প্ৰকৃতাৰ্থত বটদ্ৰৱা প্ৰকল্প হ’ব অঞ্চলটোৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখা। বটদ্ৰৱাক বিশ্বমানৰ ধৰ্মীয় আধ্যাত্মিক ক্ষেত্ৰলৈ লৈ যাব বিচৰা প্ৰত্যাশিত  বটদ্ৰৱা প্ৰকল্প আমাৰ চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া ১৮মাহৰ ভিতৰতে  নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব লাগিব—এই মন্তব্য অসমৰ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন সাজেৰে সজাই পৰাই তোলা অসমীয়া জাতিৰ জনক জগতগুৰুমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্ম স্থানত নিৰ্মাণ হ’ব লগীয়া বহু প্ৰত্যাশিত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মীয়মান কামৰ  খতিয়ান ল’বলৈ আজি পুৱাৰ ভাগত এখন হেলিকপ্তাৰেৰে বটদ্ৰৱাৰ প্ৰকল্পৰ স্থলীত উপস্থিত হয়হি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । বটদ্ৰৱা থানৰ বেদখল মুক্ত কৰা ১৬০ বিঘা ভূমিত নিৰ্মাণ হ’ব লগীয়া বটদ্ৰৱা প্ৰকল্পৰ বাবে  ইতিমধ্যে ১৮৮ কোটি টকা আৱন্টন দিছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰকল্প স্হলীতে নিৰ্মাণ কাৰ্য্যৰ লগত জড়িত লোকনিৰ্মান আদি কৰি কেইবাটাও বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে।বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ উপৰিও উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত,বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা ৷ যোৱা ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰি সত্ৰকৃষ্টিৰ পৰম্পৰাৰ আধাৰত এই প্ৰকল্পৰ আধাৰশিলা স্হাপন কৰাৰ তিনিমাহৰ পিছতো বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাম লেহেমীয়া হোৱাত মুখ্যমন্ত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰে আৰু প্ৰকল্প নিৰ্মাণত নিয়োজিত ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে দায়িত্বত নিয়োজিত লোকনিৰ্মাণ বিভাগৰ অভিযন্ত্ৰাক শীঘ্ৰে কাম কৰাৰ নিৰ্দেশ দিয়ে । অহা ১৮ মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ তাৎক্ষণিক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।বটদ্ৰৱা প্ৰকল্পৰ কামত প্ৰাৰম্ভিক পৰ্যায়ত আহি পৰা কিছু ভূমি সম্পৰ্কীয় সমস্যা , পথৰ যোগাযোগ ব্যৱস্থাৰ  অসুবিধা আজি দূৰ কৰা হ’ল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহনৰ পিছত প্ৰথমবাৰলৈ গুৰুজনাৰ জন্মস্থানত উপস্থিত হোৱা  ড° হিমন্ত বিশ্ব শৰ্মাক ধৰ্মবস্ত্ৰ, শৰাই, গ্ৰন্থ, কেলেণ্ডাৰ  আৰু কুঁহিলাৰ কঠেৰে আদৰণি জনায় বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। বটদ্ৰৱা প্ৰকল্পস্থলীত অস্থায়ী মণ্ডপত অনুষ্ঠিত হোৱা  সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, বটদ্ৰৱাৰ  বৰ্তমানৰ বিধায়িকা শিৱামনি বৰা, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা  নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি ভোগেশ্বৰ বৰা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাৰ লগতে লোক নিৰ্মান বিভাগৰ বিষয়া,  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকল উপস্থিত থাকে। আজিৰ বৈঠকৰ শেষৰ ফালে মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা ক’ভিড ভেক্সিনক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনায় শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ হাতত একলক্ষ টকাৰ এখন চেক প্ৰদান কৰে।আনহাতে মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে তাৎক্ষণিক ভাৱে “বটদ্ৰৱা প্ৰকল্প”ৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই লোৱা এই দৃঢ় সিদ্ধান্তৰ বাবে সমূহ বটদ্ৰৱা বাসীৰ হৈ তেখেতক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই।অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত  বিশ্ব শৰ্মাক দূৰৈৰ পৰা এপাক চাবলৈ যথেষ্ঠ সংখ্যক অনুগামী ৰাইজ আজি বটদ্ৰৱা প্ৰকল্প স্থলীত উপস্থিত হয়।

Leave A Reply