Bathou Puja: বড়ো সমাজে উলহ-মালহেৰে বৰাই বাথৌক কৰিছে পূজা-অৰ্চনা

আজি বাথৌ পূজা।(Bathou Puja)

সমগ্ৰ বড়ো সমাজে উলহ-মালহেৰে বৰাই বাথৌক কৰিছে পূজা-অৰ্চনা।

আমিনগাঁৱৰ বামুনীগাঁৱ উন্নয়ন সমিতিৰ উদ্যোগত বাথৌ পূজা ভাগৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে এইবৰ্ষত।

এই তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ অনুস্থান।

অনুষ্ঠানত আৰাম্ভনিতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

তাৰ পিছতে বড়ো ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূৰ্ব পুৰুষলৈ সোঁৱৰণ কৰি অনুষ্ঠিত কৰা হয় “আৰজ” পৰ্ব।

ধৰ্মালোচনী সভা, মুকলি সভাও অনুষ্ঠিত কৰে আয়োজক সকলে।

আজি সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া, বড়ো খেৰাই কৃষ্টি আদি জাতীয় সংস্কৃতিৰ মেতমৰা সম্ভাৰ প্ৰদৰ্শন কৰা হ’ব বুলি সদৰি কৰে উদযাপন সমিতিৰ সভাপতি ভগৱন্ত বড়োয়ে।

Related Articles