অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি , ক’ভিড পৰিস্থিতিত কৰ্মহীন হৈ পৰা প্ৰতিটো শ্ৰমিক আৰু কৃষক পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ দূৰীকৰণ কৰা , ভেকচিন প্ৰদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত আজি ধুবুৰীত “ভাৰত বচাও” নামাকৰণেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সংযুক্ত কৃষক মৰ্চা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু গণ সংগঠন সমুহৰ আহ্বানত আজি ধুবুৰী চহৰৰ ষ্টেচন ৰোডত চি.পি.আই.এম, নিখিল ভাৰত কৃষক সভা, মহিলা সমিতি, অংগনবাদী কৰ্মী সহায়িকা আৰু মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ বহু কৰ্ম-কৰ্তাই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ সম্পদ-ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, কৃষক বিৰোধী তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা, অংগনবাদী কৰ্মী-সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মীসহ আঁচনিভূক্ত শ্ৰমিকৰ মাননি বৃদ্ধি কৰাৰ দাবী আজিৰ কাৰ্যসূচীৰ জৰিয়তে উত্থাপন কৰা হয়।

