ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা তেজপাত কেৱল মছলাই নহয়, তেজপাতক সঠিকভাৱে খালে ডায়েবেটিছকে ধৰি বহু ৰোগৰ পৰা সকাহ পোৱা যাব।(Bay Leaves)
তেজ পাতত ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে সুস্থ হজম শক্তি বজাই ৰখাত সহায় কৰে। লগতে তেজপাতত থকা এনজাইমে খাদ্য হজম কৰাত সহায় কৰে, যাৰ ফলত পেটৰ বিষ, গেছ আৰু বদহজমৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়।
গৱেষণাৰ পৰা দেখা গৈছে যে তেজপাতত থকা মৌলবোৰে শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, যি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।
তেজপাতত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে গাঁঠিৰ বিষ, বাতবিষ আৰু পেশী ফুলা আদি সমস্যা হ্ৰাস কৰাত সহায় কৰে।
তেজ পাতত এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ পোৱা যায়, যিয়ে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বাৰিষাৰ সময়ত সংক্ৰমণৰ আশংকা অতি বেছি। এনে পৰিস্থিতিত তেজ পাত অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।
তেজ পাতত এনে কিছুমান উপাদান থাকে যিয়ে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও ভাল টোপনি অহাতো তেজ পাতে সহায় কৰিব পাৰে।
এখিলা তেজপাত পানীত উতলাই খালে উপকাৰিতা লাভ কৰিব পাৰিব। তেজপাতৰ পানী খোৱাৰ উত্তম সময় হ’ল ৰাতিপুৱা খালী পেট।

