Breaking

পাখিমৰীয়া-খাগৰিজান উন্নয়ন খণ্ডত বি ডি অ’ৰ কমিচনৰাজ !

0 281

নগাঁও :

নগাঁও জিলাৰ পাখিমৰীয়া আৰু খাগৰিজান উন্নয়ন খণ্ডত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত কমিচন ৰাজ চলোৱাৰ অভিযোগ উঠিছে। বৰ্তমান দুয়োটা উন্নয়ন খণ্ডতে ৰাজনৈতিক প্ৰভাৱ খটুৱাই খণ্ড উন্নয়ন বিষয়াৰ পদ দখল কৰিবলৈ সক্ষম হোৱা শেৱালি চক্ৰৱৰ্তীয়ে দীৰ্ঘদিন ধৰি এম জি এনৰেগা, চতুৰ্দশ বিত্তীয় আয়োগ, চতুৰ্থ বিত্তীয় আয়োগ আদি আচনিৰ অধীনত ৰূপায়ণ কৰিব লগা কামৰ বিপৰীতে ব্যাপক পৰিমাণৰ কমিচন আদায় কৰি আহিছে কনিষ্ঠ অভিযন্তা, গাঁও পঞ্চায়ত সচিব, জি আৰ এচ আদি বিষয়া-কৰ্মচাৰীৰ পৰা। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰ টি কৰ্মী এ জে আকন্দ‌ই। আকন্দ‌ই অভিযোগ কৰা মতে, উন্নয়ন খণ্ড বিষয়া গৰাকীয়ে নিজৰ স্বামী আৰ এচ এচৰ নেতা হোৱাৰ দোহাই দি কোনো গুৰু গোহাঁই নমনা হৈছে। উল্লেখ্য যে পাখিমৰীয়া উন্নয়ন খণ্ডত ৮ টা আৰু খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ১১টা গাঁও পঞ্চায়ত আছে। উন্নয়ন খণ্ড বিষয়া গৰাকীৰ অকৰ্মন্যতাৰ বাবে ইয়াৰে অধিকাংশ গাঁও পঞ্চায়তত চৰকাৰী আচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। পাখিমৰীয়া উন্নয়ন খণ্ডত সৌৰচাকি স্থাপনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ তথ্য ফাদিল হোৱাৰ ভয়ত বিগত তিনি মাহ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনৰ তথ্য দিয়া নাই। উল্লেখ্য যে এ জে আকন্দ‌ই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে খণ্ড উন্নয়ন বিষয়াৰ ওচৰত আবেদন কৰিছিল। ইফালে, চৰকাৰে গাঁও পঞ্চায়তৰ জৰিয়তে দৰিদ্ৰ শ্ৰমিক ৰাইজক মাস্ক বিতৰণৰ নামত ব্যাপক ধনৰ খেলেমেলি সংঘটিত কৰাৰো অভিযোগ উঠিছে। বিভাগীয় নিৰ্দেশ অনুসৰি প্ৰতিটো গাঁও পঞ্চায়তত ২০০০ লোকক মাস্ক দিব লাগে যদিও মাত্ৰ ১০০০ কৈ দিয়া বুলি চৰ্চা চলিছে। এটা মাস্কৰ দাম ২৫টকা নিৰ্ধাৰণ কৰিছে যদিও ১০০০ মাস্কৰ ধন আত্মসাতৰ ফন্দি ৰচনা কৰাৰ অভিযোগো উঠিছে‌। এ জে আকন্দ‌ই এই সমগ্ৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত এক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে।

Leave A Reply