Breaking

সাৱধান! দৈনিক ব্ৰকলি সেৱন নকৰিব…

0 77

ব্ৰকলি এবিধ ক্ৰুচিফেৰাছ পাচলি। ব্ৰকলিত অতিৰিক্ত পুষ্টিকৰ উপাদান পোৱা যায়। এই বাবেই ব্ৰকলি সকলোৱে দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে। উন্নত স্বাস্থ্য বজাই ৰাখিবলৈ দৈনিক শাক-পাচলি আৰু ফল-মূলেৰে সমৃদ্ধ সুষম খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয়। এনেধৰণৰ শাক-পাচলিয়ে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰে। স্বাস্থ্য বিশেষজ্ঞসকলেও এই পাচলি দৈনিক খোৱাৰ পৰামৰ্শ দিয়ে। যদি আপুনি দৈনিক ব্ৰকলি খায় তেন্তে ই আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পেলাব-

পুষ্টি সমৃদ্ধ ব্ৰকলিত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ থাকে। পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবেই শৰীৰত ৰোগৰ আৰম্ভ হয়। কিন্তু যদি আপুনি দৈনিক সুষম খাদ্যত ব্ৰকলি অন্তৰ্ভুক্ত কৰে, তেন্তে শৰীৰত অত্যাৱশ্যকীয় উপাদানৰ অভাৱৰ সমস্যাৰ সম্ভাৱনা কম হ’ব। ব্ৰকলিত বহু পৰিমাণে ভিটামিন চি, ভিটামিন কে, পটাছিয়াম আৰু ফ’লেট পোৱা যায়। ইয়াৰ উপৰিও কেলচিয়াম আৰু আইৰণো থাকে ব্ৰকলিত।

ব্ৰকলিৰ উপকাৰিতাৰ বিষয়ে বহু গৱেষণাত কোৱা হৈছে। ইয়াত থকা এন্টিঅক্সিডেন্টসমূহে গুৰুতৰ ৰোগ বিশেষকৈ ছালফ’ৰাফেনৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও হৃদৰোগ, কেন্সাৰ, নিউৰ’ডিজেনেৰেটিভ ডিছঅৰ্ডাৰ আদি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনাও হ্ৰাস কৰে ব্ৰকলিয়ে। যিহেতু ব্ৰকলিত আঁহৰ পৰিমাণ বেছি, গতিকে ই হজম শক্তি উন্নত কৰাত সহায়ক।

ব্ৰকলি খালে হাড় মজবুত আৰু সুস্থ কৰি ৰখাতো সহায় কৰে। ইয়াত থকা ভিটামিন কে আৰু কেলচিয়ামৰ বাবে এনে হয়। হাড়ৰ বিপাকীয় ক্ৰিয়াৰ বাবে ভিটামিন কে অতি প্ৰয়োজনীয়। যদি আপুনি ইয়াক দৈনিক সেৱন কৰে, তেন্তে আপুনি অষ্টিঅ’পৰ’ছিছৰ দৰে গুৰুতৰ অৱস্থাৰ পৰা হাত সাৰিব পাৰে। ওজন কমাবলৈ চেষ্টা কৰা লোকসকলেও খাদ্যত ব্ৰকলি অন্তৰ্ভুক্ত কৰিব পাৰে। কাৰণ ইয়াত কেলৰিৰ পৰিমাণ কম আৰু আঁহৰ পৰিমাণ বেছি। চকুৰ দৃষ্টিশক্তিৰ বাবেও এই পাচলি উপকাৰী।

কোনবোৰ মানুহে খাব নালাগে ব্ৰকলি?
সকলোৱে ব্ৰকলি খাব পাৰে যদিও কিছুমান লোকে ব্ৰকলি খোৱাৰ পৰা বিৰত থাকিব লাগে বা চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে খাব লাগে। থাইৰয়ড আৰু লিভাৰৰ সমস্যা থকা লোকে ব্ৰকলি খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ উপৰিও গৰ্ভৱতী মহিলা, পেট ফুলা আৰু গেছৰ সমস্যাত ভুগি থকা লোকসকলেও সেৱন কৰিব নালাগে ব্ৰকলি।

Leave A Reply