Breaking

সাৱধান! দৈনিক ৰঙা চাহ বা নেমুৰ চাহ খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা…

0 66

সাৱধান! দৈনিক ৰঙা চাহ বা নেমুৰ চাহ খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা। যদি কোনো ব্যক্তিয়ে দৈনিক ৫-৮ কাপ চাহ খাই, তেন্তে তেওঁ পেটৰ লগত জড়িত ৰোগ আৰু আন বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আচলতে বেছিভাগ মানুহেই ভাবে যে চাহ খালে এলাহ ভাৱ নাইকিয়া হয়। যদি কোনো ব্যক্তিয়ে দিনটোত একাপ বা দুকাপ চাহ খাই, তেন্তে ইয়াৰ কোনো ক্ষতি নহয়। কিন্তু যদি কোনো ব্যক্তিয়ে দিনটোত ৫-৮ কাপ চাহ খায়, তেন্তে তেওঁ পেটৰ লগত জড়িত সমস্যা আৰু ৰোগৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে। কেৱল গাখীৰৰ চাহে নহয় নেমু চাহ, ৰঙা চাহেও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

ৰঙা চাহ আৰু নেমু চাহ সেৱনে শৰীৰত অক্সালেটৰ পৰিমাণ বৃদ্ধি কৰে। ভিটামিন চি শৰীৰৰ বাবে অপৰিহাৰ্য। শৰীৰৰ সঠিক বৃদ্ধিৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। আমাক প্ৰতিদিনে ৭৫ৰ পৰা ৯০ মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। যদি শৰীৰত ভিটামিন চিৰ অভাৱ হয়, তেন্তে চিকিৎসকে ১০০০ মিলিগ্ৰামলৈকে ভিটামিন চিৰ পৰিপূৰক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।

মনত ৰাখিব যদি চিকিৎসকে আপোনাৰ শৰীৰ পৰীক্ষা কৰাৰ পিছত ভিটামিন চি খাবলৈ লিখিছে, তেতিয়াহে ৰঙা চাহ বা নেমু চাহ খাব। কিন্তু যদি আপুনি ভিটামিন চিৰ টেবলেট বা নেমু চাহ, ৰঙা চাহ ডাক্টৰৰ পৰামৰ্শৰ অবিহনে সেৱন কৰিছে তেন্তে ই আপোনাৰ শৰীৰৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ভিটামিন চি ভাঙি অক্সালেট গঠন হয় আৰু যাৰ বাবে কেলচিয়ামৰ পৰিমাণ বাঢ়ি বৃক্কত পাথৰ হৈ পৰে। লগতে শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধি হ’লে যকৃতৰ ৰোগ, বাতবিষৰ দৰে সমস্যা হ’ব পাৰে।

Leave A Reply