Breaking

সাৱধান! ভিটামিন খাওঁতে দহবাৰ ভাবক। ৪৮ বিধ দৰবৰ বিৰুদ্ধে সতৰ্কবানী …

0 78

জনজীৱনৰ বাবে অপৰিহাৰ্য ভিটামিনক লৈ এতিয়া দেশত চলিছে চূড়ান্ত দুৰ্নীতি। এনেবোৰ ভিটামিন প্ৰস্তুতকৰ্তাই শেহতীয়াকৈ ড্ৰাগছ চেফটি এলাৰ্টত মুখ থেকেচা খাব লগীয়া হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ড্ৰাগছ ৰেগুলেটৰে মাৰ্চ মাহত ড্ৰাগছ চেফটি এলাৰ্ট পৰীক্ষাৰ বাবে আহ্বান জনাইছিল। কিন্তু বহুকেইটা ভিটামিন প্ৰস্তুত কৰা কোম্পানীয়ে উৰ্ত্তীণ হোৱাত ব্যৰ্থ হয়। কেন্দ্ৰীয় ড্ৰাগ মাপক নিয়ন্ত্ৰন সন্হাই ১৪৯৭ বিধ দৰবৰ ৪৮ বিধ ভিটামিনৰ বিৰুদ্ধে সতৰ্কবানী জাৰি কৰে। আইৰণ, ফোলিক এচিড, মাল্টিভিটামিন, ভিটামিন-চি, ভিটামিন বি -১২ৰ লগতে নিয়মিত ভাবে গ্ৰহণ কৰা নিয়াচিনামাইড বেজী ইত্যাদি দৰবৰ ক্ষেত্ৰত সতৰ্কবানী জাৰি কৰা কাৰ্যই দেশত একাংশ দৰব প্ৰস্তুতকৰ্তাই মুক্ত মনে নিম্ন মানৰ দৰব প্ৰস্তুত কৰি বজাৰত উলিয়াই দি ব্যাপক ৰূপত মুনাফা লুটি আছে। ঔষধ মাপক নিয়ন্ত্ৰন সন্হাই ইতিমধ্যে তেওঁলোকৰ ৱেবচাইটত সতৰ্কীবানী জাৰি কৰা দৰবৰ তালিকা উপলপদ্ধ বুলি জানিবলৈ দিয়ে। সতৰ্কবানী জাৰি কৰাৰ পিছত একাংশ প্ৰস্তুতকাৰীয়ে বজাৰত ভেজাল আৰু ভুৱা দৰব প্ৰস্তুত কৰি বিক্ৰি কৰি অহা বুলি দাবী কৰাৰ বিপৰীতে একাংশ কোম্পানীয়ে সতৰ্কবানী জাৰি কৰা দৰব গ্ৰাহকক ক্ৰয় কৰা ফাৰ্মাচীত ওভোটাই দিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে ইতিমধ্যে ভাৰতত প্ৰস্তুত কৰা তিনিবিধ কফ চিৰাপ বিশ্ব স্বাস্থ্য সন্হাই নিষিদ্ধ ঘোষনা কৰাৰ পাছত ৪৮ বিধ ভিটামিনৰ বিৰুদ্ধে সতৰ্কবানী জাৰি কৰা কাৰ্যই অশুভ সংকেত কঢ়িয়াই আনিছে জনজীৱনলৈ। কিয়নো ৰোগীক চিকিৎসক সকলে ভিটামিন খাবলৈ উপদেশ দিয়াটো এক স্বাভাৱিক ঘটনা। শৰীৰ সুস্থ আৰু সবল কৰি ৰখাত ভিটামিন এক অপৰিহাৰ্য অংগ। কিন্তু এচাম অসৎ মানসিকতাৰ উদ্যোগীয়ে মানৱ জীৱনৰ লগত হেতালি খেলি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ নামি পৰিছে জঘন্য কাৰ্যত। চৰকাৰে এনে উদ্যোগপতিৰ বিৰুদ্ধে কেনে ব্যৱস্হা গ্ৰহন কৰে সেয়া হব লক্ষনীয়।

Leave A Reply