মাজবাটৰ কলামনিপাৰাৰ বিউটি দৈমাৰীৰ ক’ভিড-১৯ত মৃত্যু

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰৰ অন্তৰ্গত অৰুণাচল সীমান্তবৰ্তী গাওঁ কলামনিপাৰাৰ বাসিন্দা প্ৰেমসিং ইছলাৰীৰ পত্নী বিউটী দৈমাৰীৰ(৪০) ১৭ জুলাইত ক’ভিড১৯ ত আক্ৰান্ত হৈ মৃত্যু হয় ৷জানিব পৰা মতে মহিলা গৰাকী আজি কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ৷পৰিয়ালৰ লোকে মহিলা গৰাকীক মাজবাটৰ বাদল নাৰ্চিং হ’মত ভৰ্তি কৰাই চিকিৎসা কৰাইছিল ৷ যদিও যোৱা ১৭জুলাইত মহিলা গৰাকীৰ স্বাস্হ্যৰ অধিক অৱনতি ঘটাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷তাতে মহিলা গৰাকী ক’ভিড১৯ ত আক্ৰান্ত হোৱা বুলি চিনাক্ত হয় ৷গল্ড ব্ৰাদাৰ আৰু ডাইবেটিছ ৰোগতো আক্ৰান্ত মহিলা গৰাকী আবেলি ২ মান বজাত মৃত্যুক সাৱটি লয় ৷ইফালে এই খবৰ লাভ কৰি ওদালগুৰি জিলা স্বাস্থ্যবিভাগে কলামনি পাৰাৰ পৰিয়ালটিক হ’ম  আইশ্যলেশ্যন কৰে ৷স্বাস্থ্য বিভাগে কভিড প্ৰট’কল অনুসৰি ওৰাঙৰ সমীপৰ ধনশ্ৰীঘাটৰ কভিড শ্মশানত সৎকাৰ কৰা হয়৷ মৃত্যুৰ সময়ত মহিলা গৰাকী দুগৰাকী নাবালক পুত্ৰ এৰি থৈ যায় ৷নাওহেৰুৱা,কলামনি পাৰা আদি অঞ্চলৰ সচেতন ৰাইজে অঞ্চলটোত কভিড পৰীক্ষা কৰিবলৈ স্বাস্হ্য বিভাগক অনুৰোধ জনাইছে ৷আনহাতেৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ১৭ জুলাইত   ওদালগুৰিত  ৩৬ গৰাকী  কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত  এক এপ্ৰিলৰ পৰা ১৭ জুলাইলৈ  আক্ৰান্তৰ সংখ্যা ৪২৪৪ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  ১৭ জুলাইত  ২১৮৫ গৰাকীক পৰীক্ষা কৰাৰ পিছত  ৩৬ গৰাকীৰ দেহত  কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৪২৪৪ কভিড আক্ৰান্তৰ  ভিতৰৰ ৩৯৬৭ জনক কভিড মুক্ত ঘোষনা কৰাৰ লগতে  ওদালগুৰিৰ বিভিন্ন  চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ   ১৮১ আইচিলেচনত, ২১২ সক্ৰিয় ৰোগী  চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা  ৮ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা  ৬৫ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত   ১৫২৪২৬গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে  ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত  ৪২৩ গৰাকীক ৰেট পৰীক্ষাত ১৩ গৰাকী  ক’ভিড চিনাক্ত কৰা হৈছে ৷

Related Articles