Breaking

চিকিৎসক,ফাৰ্মাচিছ,এম্বুলেন্স চালক আৰু চকীদাৰ নোহোৱাকৈ চলিছে বেবেজীয়া ৰাজ্যিক চিকিৎসালয়,জহি-খহি গৈছে কৰ্মচাৰীৰ আৱাসগৃহ,এম্বুলেন্স

0 1,587

সম্প্ৰতি চৌদিশে কভিড’ৰ জটিল পৰিস্থিতিৰ বাবে অব্যাহত আছে মিনি লক ডাউন আৰু সান্ধ্য আইন।ইয়াৰ ফলত ঢকুৱাখনাৰ বহু গ্ৰাম্যাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।ঢকুৱাখনা সমষ্টিৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ ৬০ খনৰো অধিক গাঁৱৰ ৰাইজে বৰ্তামন অব্যাহত থকা কভিড’ৰ জটিল পৰিস্থিতিৰ সময়তো সুচিকিৎসা,আৰু স্বাস্থ্য বিভাগৰ পৰামৰ্শ লাভৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উঠিছে।এই প্ৰতিবেদকৰ ভ্ৰমণ কালত সোৱণশিৰি অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী,অৱসৰপ্ৰাপ্ত শিক্ষক-যজ্ঞেশ্বৰ চুতীয়া,সমাজকৰ্মী-সূভাষ চুতীয়া,কুমুদ চুতীয়া, পঞ্চায়ত প্ৰতিনিধি হেমন্ত কুমাৰ দাস আদিয়ে জনোৱা মতে-“লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ অধীনৰ ঘিলামৰা মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বেবেজীয়া ৰাজ্যিক চিকিৎসালয়খন আছিল বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ মৰনৈ, বৰ্ষামুখ, সোৱণশিৰি,আৰু ঘূনাসূঁতি এই চাৰিখন পঞ্চায়তৰ প্ৰায় ৬০ খনৰো অধিক গাঁৱৰ ৰাইজৰ চিকিৎসা সেৱাৰ একমাত্ৰ ভৰষাৰ স্থলী।কিন্তু বৰ্তমান এই বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ৰ পয়ালগা অৱস্থাই কভিড’ৰ এই পৰিস্থিতিৰ মাজত ৰাইজক অবৰ্ণনীয় সমস্যাত পেলাইছে।১৯৬৮-৬৯ চন মানতে স্থাপিত ঢকুৱাখনা মহকুমাৰ এখন অতি পুৰণি চিকিৎসালয় ৰূপে পৰিগণিত বেবেজীয়া ৰাজ্যিক চিকিৎসালয়খন এতিয়া অসংখ্য সমস্যাৰ গৰাহত পৰিছে।বিগত দুই/তিনিবছৰ ধৰি এজনো স্থায়ী চিকিৎসক তথা কম্পাউণ্ডাৰ নাই।স্বাস্থ্য বিভাগে নতুনকৈ ডাক্তৰী পাছ কৰি উলাই অহা একাংশ চিকিৎসকক ইয়াত নিযুক্তি দিয়ে যদিও এবছৰ যেনে তেনে কটাই গুছি যায় চহৰৰ চিকিৎসালয়লৈ।ফলত আকৌ চিকিৎস্যক নোহোৱা হৈ পৰে কেইবামাহো।উল্লেখ্য যে বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎস্যক গৰাকী দুমাহ আগত বদলি হোৱাৰ দিন ধৰি এই পৰ্যন্ত কাকো নিযুক্তি দিয়া হোৱা নাই।ফলত বিগত দুমাহ ধৰি নাই এজনো চিকিৎসক নোহোৱাকৈয়ে নামত চলি আছে বেবেজীয়া ৰাজ্যিক চিকিৎসালয়।ইফালে যোৱা কেইবামাহো ধৰি নাই এজনো ফাৰ্মাচিছ,এবছৰ ধৰি নাই এজনো চকীদাৰ আৰু এম্বুলেন্সৰ চালক।ফলত এক অৰ্থত অচল হৈ পৰিছে বেবেজীয়া ৰাজ্যিক চিকিৎসা লয়।ফলত ৪ খন পঞ্চায়তৰ ৬০ খনৰো অধিক গাঁৱৰ ৰাইজ এই কভিড’ পৰিৱেশৰ মাজতো বঞ্চিত হৈছে সু- চিকিৎসা সেৱা লাভৰ পৰা। তদুপৰি ৰাজ্যিক চিকিৎসালয় খনৰ চৌহদত চিকিৎসক,নাৰ্চ,চিকিৎসা কৰ্মী থাকিব পৰাকৈ পাঁচটা সুন্দৰ পকী কোৱাটাৰ  আছে যদিও তাত নিয়োজিত  এজনো কৰ্মচাৰী নাথাকে জৰুৰীকালীন সময়ত ৰাইজৰ চিকিৎসা সেৱাৰ বাবে।ফলত হাবি জংঘলে গজি কোৱাটাৰ বোৰ জহি-খহি গৈছে এফালৰ পৰা।চিকিৎসালয়ৰ চৌহদৰ চাৰিওফালে বেৰা নথকাত গৰু,ছাগলী,গাহৰি আদিৰ মুক্ত বিচৰণৰ ফলত চিকিৎসালয়ৰ চৌহদ এলেকাৰ বাট-পথ বোকা হোৱাৰ লগতে ভূমিও বেদখলৰ কৱলত পৰিছে। ইফালে ৰোগীৰ সহায়ৰ বাবে থকা একমাত্র এম্বুলেন্সখনো দীৰ্ঘদিনে পৰি আছে অচল হৈ মেৰামতিৰ অভাৱত আৰু চালকৰ অভাৱত।এটা জৰা- জীৰ্ণ ঘৰৰ ভিতৰত হাবি গজি এম্বুলেন্সখনো জহি-খহি গৈছে।সেইদৰে চৌহদৰ পানী খোৱা কুঁৱাটোৰো তলী শুকাই যোৱাত এতিয়া সেইটোও ব্যৱহৃত হৈছে ঔষধ পেলোৱা ডাষ্টবিন ৰূপেহে।বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ ৰাইজে সেইয়ে নতুন চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীজনৰ লগতে ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেক বেবেজীয়া ৰাজ্যিক চিকিৎসালয়ৰ উল্লেখিত সমস্যা বোৰ দূৰ কৰি বৃহত্তৰ সোৱণশিৰি অঞ্চলৰ ৰাইজক উপকৃত কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply