গুৱাহাটীৰ দক্ষিণ বেলতলা স্কুল খেলপথাৰত অসম ছাত্ৰ পৰিষদ বেলতলা কলেজ গোটৰ উদ্যোগত অনুষ্ঠিত হয় কলেজ ভিত্তিত ফুটবল প্ৰতিযোগিতা।
যোৱা ৫ জুনৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হয় ৭ জুন, বুধবাৰে । খিতাপ যুঁজত বেলতলা কলেজ জুনিয়ৰ দলে মেঘালয়ৰ ৰিভয় জিলাৰ জৰবিল কলেজক ৪-০ গ’লৰ পৰিস্কাৰ ব্যৱধানত পৰাস্ত কৰে ।
মুঠ ১০ খন কলেজ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চেম্পিয়ন দলে ট্ৰফীসহ ১১,০০১ টকা আৰু ফাইনেলিষ্ট দলে ট্ৰফীসহ ৬,০০১ টকা লাভ কৰে ।
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বেলতলা কলেজ জুনিয়ৰৰ ৰাজু প্ৰসাদে লাভ কৰে ১,০০১ টকা ।

ফাইনেলৰ আৰম্ভণিতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, অসম চাইক্লিং সন্থাৰ সম্পাদক ড° তপন দাস, যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱা, অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অপূৰ্ব দাসক দুয়ো দলৰ খেলুৱৈৰ সৈতে পৰিচয় কৰাই দিয়া হয়।