শুকুৰবাৰে পুৱা বেংগালুৰু (Bengaluru School receive bomb threat) চহৰৰ ৰাজৰাজেশ্বৰীনগৰ, কেঙেৰী, পূব আৰু মধ্য বেংগালুৰুৰ প্ৰায় ৪০খন ব্যক্তিগত বিদ্যালয়ে ইমেইলযোগে বোমাৰ ভাবুকি লাভ কৰিছে। যাৰ ফলত অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষক গভীৰভাৱে চিন্তিত হৈ পৰিছে। ভাবুকিমূলক ইমেইলবোৰ “ৰোডকিল” নামৰ একাউণ্টৰ পৰা প্ৰেৰণ কৰা হৈছে, য’ত দাবী কৰা হয় যে শ্ৰেণীকোঠাসমূহত ক’লা প্লাষ্টিক বেগৰ ভিতৰত TNT বিস্ফোৰক ৰখা হৈছে। ইমেইলত লেখা আছিল, “তোমালোকৰ শেষৰ প্ৰতিজনক মই এই পৃথিৱীৰ পৰা নাইকিয়া কৰি পেলাম, এটাও বাচি নাথাকিব,”।
উল্লেখযোগ্যভাৱে, ইমেইলত উল্লিখিত বিদ্যালয়সমূহৰ ভিতৰত এম এছ ধোনি গ্ল’বেল স্কুল, ছেইণ্ট জাৰ্মেইন একাডেমী, বিচপ কটন বয়ছ আৰু গাৰ্লছ স্কুল, দ্য বেংগালুৰু স্কুল, টি আই এছ বি, গিয়াৰ ইনোভেটিভ স্কুল, ডি পি এছ বাংগালুৰু চাউথ, বি এছ ইণ্টাৰনেশ্যনেল স্কুল, বাল্ডউইন গাৰ্লছ হাইস্কুল, ছেইণ্ট জোচেফ ইণ্ডিয়ান হাইস্কুল আৰু ছফিয়া হাইস্কুল অন্তর্ভুক্ত।
ইমেইল পোৱাৰ লগে লগে বোমা নিষ্কাশন দল, কুকুৰ বাহিনী আৰু আৰক্ষীৰ দ্ৰুত সঁহাৰি অনুসৰি সন্দেহজনক বস্তুৰ সন্ধান চলোৱা হয় যদিও এতিয়ালৈকে কোনো বিস্ফোৰক উদ্ধাৰ হোৱা নাই আৰু অভিযান অব্যাহত আছে। এই ঘটনাৰ পূৰ্বে দিল্লীৰ ছেইণ্ট থমাছ, ভাছাণ্ট ভেলী, মাদাৰ’ছ ইণ্টাৰনেশ্যনেল আদি ২৮খন বিদ্যালয়েও একেধৰণৰ VPN আৰু ডাৰ্ক ৱেবৰ জৰিয়তে প্ৰেৰণ কৰা ভাবুকিমূলক ইমেইল লাভ কৰিছিল।
২০২৩ চনৰ ডিচেম্বৰ মাহত বেংগালুৰু আৰু তাৰ আশেপাশে ৭০খন বিদ্যালয়ে এনে ভুৱা ইমেইল লাভ কৰিছিল। কৰ্ণাটকৰ গৃহ বিভাগৰ তথ্য মতে, বিগত তিনি বছৰত ৰাজ্যজুৰি ১৬৯টা ভুৱা বোমাৰ ভাবুকিৰ গোচৰ পঞ্জীয়ন হৈছে, যাৰ ভিতৰত ১৩৩টা কেৱল বেংগালুৰু চহৰত পঞ্জীয়ন কৰা হৈছে আৰু এই সম্পৰ্কত এতিয়ালৈকে ১০জনক গ্ৰেপ্তাৰ কৰা হৈছে।

