Breaking

ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত বাৰ্নাৰ্ড আৰন’ল্ট ! একাদশ স্থানত মুকেশ আম্বানি…

0 27

ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত বাৰ্নাৰ্ড আৰন’ল্ট
বিশ্বৰ ধনাঢ্যৰ তালিকাত একাদশ স্থানত মুকেশ আম্বানি

বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষত আৰোহণ কৰিলে এগৰাকী ফৰাচী পুঁজিপতিয়ে। দীৰ্ঘদিনে শীৰ্ষস্থান দখল কৰি থকা আমেৰিকাৰ ইলন মাস্কৰ পৰা শীৰ্ষ আসন কাঢ়ি ল’লে এইগৰাকী ফৰাচী পুঁজিপতিয়ে। ব্লুমবাৰ্গৰ শেহতীয়া তথ্য অনুসৰি এই মুহূৰ্তত বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিগৰাকী হৈছে বাৰ্নাৰ্ড আৰন’ল্ট। যাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৭.২০ লাখ কোটি টকা।

আনহাতে দ্বিতীয় স্থানত থকা ইলন মাস্কৰৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬.৯৪ লাখ কোটি টকা। শেহতীয়াভাৱে ইলন মাস্কৰ প্ৰতিষ্ঠান টেছলাৰ শ্বেয়াৰৰ ব্যাপক খহনীয়াই দ্বিতীয় স্থানলৈ ঠেলি দিলে মাস্কক। আনহাতে, প্ৰখ্যাত ব্ৰাণ্ড লুই ভিত্তৰ স্বত্ত্বাধিকাৰী হৈছে পুঁজিপতি বাৰ্নাৰ্ড আৰন’ল্ট। ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত আছে এমাজ’নৰ স্বত্ত্বাধিকাৰ জেফ বেজছ। যাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫.০৪ লাখ কোটি টকা।

আনহাতে, বিশ্বৰ ধনাঢ্যৰ তালিকাত একাদশ স্থানত আছে মুকেশ আম্বানি। মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮.৬৪ লাখ কোটি। আনহাতে, ভাৰতীয় পুঁজিপতি গৌতম আদানিয়ে ৬.২৩ লাখ কোটি টকাৰে তালিকাত দখল কৰিছে ১৬ সংখ্যক স্থান।

Leave A Reply