২৪ মে’ ২০২৫ঃ Beshimari Madhya English School । দৰং জিলাৰ দলগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত শিলবৰী বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকে ললে কৰ্ম জীৱনৰ পৰা অৱসৰ। শনিবাৰে ৰাতিপুৱা দহ বজাত বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় বিদায়ী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।

সভাত বৃহত্তৰ,শিলবৰী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,শিক্ষক গৰাকীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধই শিক্ষক গৰাকীৰ অতীতৰ কৰ্মজীৱনৰ অতিবাহিত কৰা কথা স্মৰণ কৰি আবেগিক হৈ পৰে। বৃহত্তৰ শিলবৰীত ০১-০১-১৯৮৭ চন প্ৰতিষ্ঠিত বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ত পোন প্ৰথমে ১৯-০৩-১৯৯০ সহকাৰী শিক্ষক হিচাপে যোগদান কৰে আব্দুল হাছেন যদিও কিছু দিন পিছত তেখেতে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিবলগীয়া হয়।খুব দুখ দূৰ্গতিৰ মাজেৰে বিনা চৰকাৰী বেতনে অঞ্চল খনৰ ছাত্ৰ ছাত্ৰী দি গ’ল শিক্ষা। সুদীৰ্ঘ ২৪ বছৰ চৰকাৰী মাননী নপোৱাকৈ শিক্ষক গৰাকীয়ে দি গল ছাত্ৰ-ছাত্ৰীক পাঠদান।

অৱশেষত ০১-০১- ২০১৩ চনত বিদ্যালয় প্ৰাদেশিক হ’ল।প্ৰধান শিক্ষকৰ দায়িত্ব ভাৰ লৈ অতিবাহিত কৰিলে ১২ বছৰীয়া চাকৰি জীৱন। এগৰাকী সহজ-সৰল,নম্ৰ প্ৰবৃত্তিৰ,শুৱলা কন্ঠৰ অধিকাৰী আৰু দায়িত্ববান ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয়ৰ মাজত আছিল অতি প্ৰিয় আছিল প্ৰধান শিক্ষক আব্দুল হাছেন মহাশয়। সুদীৰ্ঘ ছয়ত্ৰিশ বছৰ তেখেতৰ একনিষ্ঠা কৰ্মৰ ফলস্বৰূপে আজি সমাজত আলোকিত হৈছে বহুজন।কৰ্মজীৱনৰ অন্তিম বেলাত নিজৰ প্ৰিয় শিক্ষক গৰাকীক শ শ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নে বিদায় দি আবেগিক হৈ পৰে আৰু প্ৰিয় শিক্ষক গৰাকীক বিভিন্ন উপহাৰে উপচাই পেলায় ।
শনিবাৰে অনুষ্ঠিত এই বিদায়ী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক আব্দুৰ ৰহিম, সহকাৰী শিক্ষক ওমৰ আলী, বিজ্ঞান শিক্ষক নাজিৰ উদ্দিন আহমেদ,বিপিন চন্দ্ৰ নাথ, ফাতেমা বেগম,এলিজা বেগম,ছবিকুল ইছলাম,বেছিমাৰী প্ৰাথমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কাশেম আলী, নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফজৰ আলী, কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহ শিক্ষক ছামচুল হক,ছিৰাজুল হক হাইস্কুলৰ সহকাৰী শিক্ষক ওমৰ আলী,কেৰামত আলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কিয়ামত আলী,১নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলাল উদ্দিন, শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুৰ ৰহমান, দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক আব্দুল বাৰি, আব্দুল ছাত্তাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছাইফুল ইছলাম,ছাদিক জাহিৰ আব্বাছ,স্থানীয় সমাজকৰ্মী ৰফিকুল ইছলাম,ফক্কৰ উদ্দিন, আদি কৰি বহুকেইজন বিশিষ্ট মন্য গন্য ব্যক্তি, বিদ্যালয় খনৰ শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যা, সহস্ৰাধিক স্থানীয় ৰাইজ আৰু বিদ্যালয় খনৰ বহু কন কন ছাত্ৰ ছাত্ৰী।