‘দ্যা ছিলড্ৰেন অৱ গড’লৈ শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটা…

বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ সমালোচক পাৰ্থজিৎ বৰুৱাৰ নৱতম তথ্যচিত্ৰ ”দ্যা ছিলড্ৰেন অৱ গড”(ঈশ্বৰৰ সন্তান)এ সপ্তম ‘কেলিফৰ্ণিয়া ইণ্ডিছ ফিল্ম এণ্ড স্ক্ৰীপ্ট ‘ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটা লাভ কৰে ।ছানলিট ষ্টুডিঅৰ বেনাৰত এই তথ্য চিত্ৰখন নিৰ্মাণ কৰা হৈছে।অসমীয়া ভাষাত নিৰ্মাণ কৰা ৩২ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখনত ভাৰতৰ সামাজিক,সাংস্কৃতিক ক্ষেত্ৰখনত থকা কেতবোৰ বাধাক দেখুওৱা হৈছে।তথ্যচিত্ৰখনত মানসিকভাবে ছোৱালীৰ পৰা এজন ল’ৰালৈ সলনিহৈ পৰা চনম নামৰ এগৰাকী ছোৱালীৰ মানসিক অৱস্থা আৰু সামাজিকভাবে সন্মুখীন হোৱা সমস্যাসমূহক দেখুৱাবলৈ চেষ্টা কৰা হৈছে।

উল্লেখযোগ্য যে এই তথ্যচিত্ৰখনৰ প্ৰযোজনা,পৰিচালনা আৰু চিত্ৰ নাট্য পাৰ্থজিৎ বৰুৱাৰ । পাৰ্থজিৎ বৰুৱাই কয় যে- তেওঁ আশা কৰে যে এল জি বি টি লোকসকলৰ প্ৰতি থকা চিন্তা সলনি হব আৰু আমি যে সকলো ঈশ্বৰৰ সন্তান তাক মানি লব।’ বৰুৱাই ‘দ্যা ছিলড্ৰেন অৱ গড”(ঈশ্বৰৰ সন্তান) নামৰ তথ্যচিত্ৰৰ বাবে লাভ কৰা সপ্তম ‘কেলিফৰ্ণিয়া ইণ্ডিছ ফিল্ম এণ্ড স্ক্ৰীপ্ট ‘ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্রৰ বঁটাটো এল জি বি টি কিউৰ লোক সকলৰ প্ৰতি উচ্চৰ্গা কৰিছে।

Related Articles