শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী বঁটা লাভ উদিয়মান যুৱক ৰুক্মজিৎ বৰুৱাৰ…

সাংস্কৃতিক জগতৰ পৰা উত্তৰ গুৱাহাটীলৈ গৌৰৱ কঢ়িয়াই আনিছে উদীয়মান শিল্পী ৰুক্মজিৎ বৰুৱাই। উত্তৰ গুৱাহাটীৰ অভয়পুৰৰ মোল চন্দ্ৰ বৰুৱা আৰু কুসুম বৰুৱাৰ সুযোগ্য সন্তান ৰুক্মজিৎ বৰুৱাই অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২৩ত লাভ কৰে শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী বঁটা। ২০১৯ চনৰ জনপ্ৰিয় কথাছবি ‘আমিষ’ৰ বাবে ৰুক্মজিৎ বৰুৱাই শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী হিচাপে পীযুষ কান্তি ৰয় বঁটা লাভ কৰে।

সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই বঁটা প্ৰদান অনুষ্ঠান। উল্লেখযোগ্য যে ২০১৩ বৰ্ষত ড° ভূপেন হাজৰিকা ৰিজ’নেল গ’ভাৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউৰ পৰা অডিঅ’গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সমাপ্ত কৰে ৰুক্মজিৎ বৰুৱাই। অসমৰ লগতে মুম্বাই আৰু আন্তঃৰাষ্ট্ৰীয় ছবিৰ লগতো জড়িত শব্দ অভিযন্তা ৰুক্মজিৎ বৰুৱা।

Related Articles