অসমৰ ঐতিহ্য নগৰী হিচাপে খ্যাত শিবসাগৰ জিলাৰ তলাতল ঘৰৰ বাকৰিত আয়োজিত ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে দুই দিনীয়া কাৰ্যসুচীৰে মুকলি সভাত বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক শ্ৰেষ্ঠ গাওঁৰক্ষী বঁটা প্ৰদান কৰে । প্ৰত্যেক বছৰে ২৮ আৰু ২৯ জানুৱাৰীত গাওঁৰক্ষী বাহিনীৰ জন্ম দাতা হৰিনাৰায়ন বৰুৱাক সোঁবৰণত বাবে ৰাজ্যিক ভিত্তিত অসমৰ জিলা সমুহত দুই দিনীয়া কাৰ্যসুচীৰে পালন কৰে আৰু জিলাৰ একোখনকৈ দক্ষ চক্ৰ সংগঠকক পুৰস্কাৰ কৰে । এইবাৰো শিবসাগৰত অনুষ্ঠিত কৰা অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান,কেইবাগৰকী বিধায়ক মন্ত্ৰী সহ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক আনুষ্ঠানিকভাৱে শ্ৰেষ্ঠ বটা প্ৰদান কৰে ।২০২০ বৰ্ষত জিলাৰ ভিতৰতে উল্লেখযোগ্য দক্ষতাৰে সেৱা আগবঢ়োৱাৰ বাবে বৰপেটা সদৰ থানাৰ চক্ৰ সংগঠক যোগেন দাসক হাতত এখন বটা আৰু প্ৰংশসা পত্ৰ আগবঢ়ায়।

