আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিল্লীত উপস্থিত ভগৱন্ত মান

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ ৰাজধানী দিল্লীত উপস্থিত হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত ভগৱন্ত মানে প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীক।যোৱা ১৬ মাৰ্চত মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল।প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পূৰ্বে ভগৱন্ত মানে টুইট কৰি কয় যে ‘পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মই দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰিবৰ বাবে আৰু পঞ্জাৱৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ বাবে সময় বিচাৰিছো।প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি ভগৱন্ত মানে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিব।

Related Articles