Breaking

দৰং জিলাৰ পশ্চিম মঙললৈৰ অন্তৰ্গত বামুণঝাৰ গাঁৱৰ ৪৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম-জয়ন্তী উপলক্ষে ভাগৱত শোভাযাত্ৰা…

0 145

বৃহত্তৰ বামুণঝাৰ অঞ্চলৰ ৰাইজে ৫ আৰু ৬ অক্টোৰত দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে ৫৭৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ পালন কৰে । ৫ অক্টোবৰত বৃহৎ ভাগৱত শোভাযাত্ৰা উলিওৱা হয় । প্ৰায় ৫০০ ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰে ভাগৱত শোভাযাত্ৰাত ।

আজি ৬ অক্টোবৰত ধৰ্মালোচনী সভা অনুষ্ঠিত হয় । ধৰ্মালোচনী সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী আৰু টংলা মহাবিদ্যালয়ৰ অধ্যক্ষগৰিকীয়ে বিশিষ্ট অতিথি হিচাপে যোগদান কৰে।

বামুণঝাৰ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ এইবাৰ ৪৩ সংখ্যক দিৱস । এই শংকৰদেৱ মহোৎসৱে অঞ্চলটোৰ ৰাইজক একতাৰ ডোলেৰে বান্ধি ৰাখিছে ।

মুক্তিযুঁজাৰু, সমাজকৰ্মী প্ৰয়াত গোপীকান্তদেৱৰ উদ্যোগতে ৪৩ বছৰ পূৰ্বে এই গুৰু জয়ন্তীভাগৰ শুভাৰম্ভণী কৰা হৈছিল । তেতিয়াৰে পৰা বৰ্তমান পৰ্যন্ত এই উৎসৱ উলহ-মালহেৰে পালন কৰি অহা হৈছে ।

Leave A Reply