আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভজন লাল শৰ্মাই ! শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

আজি ৰাজস্থানৰ নতুন চৰকাৰৰ শপত গ্ৰহণ৷ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভজন লাল শৰ্মাই৷ শপতবাক্য পাঠ কৰোৱাব ৰাজ্যপাল কালৰাজ মিশ্ৰই৷ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

আজিৰ এই অনুষ্ঠানতে শপত গ্ৰহণ কৰিব উপ-মুখ্যমন্ত্ৰী দীয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাই। তিনিওজনক শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপাল কলৰাজ মিশ্ৰাই শপত গ্ৰহণ কৰিব।

বহু বিতৰ্কৰ অন্তত বিজেপিয়ে ভজন লাল শৰ্মাক বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰে আৰু নিৰ্বাচন জয়ী হোৱাৰ প্ৰায় ১২ দিন পাছত চৰকাৰ গঠন কৰিব বিজেপিয়ে।

Related Articles