সীমাহীন ব্যস্ততাৰ মাজত সময় উলিয়াই কিছুদিন আখৰা কৰাৰ পাছত সৌ সিদিনা গুৱাহাটীৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত একাংশ সাংবাদিকে পৰিৱেশন কৰিলে এখন মাতৃভাষাৰ ভাওনা ‘গান্ধাৰীৰ অভিশাপ’৷(Bhaona)
সাংবাদিকসকলে অভিনয় কৰা ‘গান্ধাৰীৰ অভিশাপ’ ভাওনাভাগ গুৱাহাটীৰ শিল্পগ্ৰামত পৰিৱেশন কৰা হয় যোৱা ১৫ মাৰ্চ, শনিবাৰে সন্ধিয়া৷
গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু ভাৰত চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ(NEZCC) ডিমাপুৰৰ সহযোগত আয়োজন কৰা ভাওনাভাগৰ পৰিচালনা আছিল ড° দীপেন দাসৰ৷
ঋতুপৰ্ণ দাসৰ পৰিকল্পনা, লুকু কোঁৱৰৰ সহযোগী পৰিচালনাৰ ভাওনা ভাগৰ প্ৰযোজনা নিয়ন্ত্ৰণ পল্লৱী বৰাৰ৷
ভাওনা ভাগত সূত্ৰধাৰ হিচাপে সুন্দৰ অভিনয় কৰে ইমন অনুৰাগে৷ ভাওনাখনত কৃষ্ণৰ চৰিত্ৰত বিমল ভূষণ মহন্ত,যুধিষ্ঠিৰৰ চৰিত্ৰত ভাস্কৰ শইকীয়া ভীমৰ চৰিত্ৰত নৱ মুক্তিয়াৰ, অৰ্জুনৰ চৰিত্ৰত জগদীশ ডেকা,কৰ্ণৰ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, নকুলৰ চৰিত্ৰত পুলক মহন্ত, সহদেৱৰ চৰিত্ৰত পল্লৱ দ্বীজেন, গান্ধাৰীৰ চৰিত্ৰত এঞ্জেলা চাংমাই, ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত মৃগাংক শইকীয়া, শকুনিৰ চৰিত্ৰত অভিজিৎ গোস্বামী, কুন্তিৰ চৰিত্ৰত প্ৰণামী মহন্ত, দ্ৰৌপদীৰ চৰিত্ৰত আইচেংফা কোঁৱৰ, পদ্মাৰ চৰিত্ৰত হিমাদ্ৰীৰেখা ভৰালী, অভিমন্যুৰ চৰিত্ৰত কল্পজিৎ শইকীয়া, সঞ্জয়ৰ চৰিত্ৰত দীপাংকৰ শইকীয়া, দুৰ্যোধনৰ চৰিত্ৰত দেৱপ্ৰতিম বৰুৱা, দুঃশাসনৰ চৰিত্ৰত সত্যজিৎ গগৈ, শৈল্যৰ চৰিত্ৰত সাৰংগপাণি ভূঞাৰ উপৰি ভাওনাখনৰ আন কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰে তপন ভূঞা,পংকজ মেধি, শৰৎ শৰ্মা আৰু পংকজ বৰাই । প্ৰতিটো চৰিত্ৰত ভাৱৰীয়া সকলে ইমানেই সুন্দৰ অভিনয় কৰিছিল যে এনে লাগিছিল যে তেওঁলোক একো একোগৰাকী পেছাদাৰী অভিনয় শিল্পী৷
মহাপুৰুষীয়া ৰীতিনীতিৰে পৰিৱেশিত ‘গান্ধাৰীৰ অভিশাপ’ ভাওনাখন শিল্পগ্ৰামৰ চৌহদত অস্থায়ীভাৱে নিৰ্মাণ কৰা নামঘৰৰ মজিয়াত বহি উপভোগ কৰি আমি নষ্টালজিক হৈ পৰিলোঁ৷
উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰৰ ‘শিল্পগ্ৰাম’ ৰ নিয়মীয়া সাপ্তাহিক সমূহীয়া সাংস্কৃতিক অনুষ্ঠানৰ অন্তৰ্গত গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ‘মহাপুৰুষীয়া ভাওনা নাট’ প্ৰকৃততেই এক সুন্দৰ প্ৰযোজনা৷
সেইদিনা এন.ই.জেদ.চি.চি. শিল্পগ্ৰামৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা অস্থায়ী নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰি পুৱা ১১ বজাত নাম-প্ৰসংগ-পাঠ অনুষ্ঠিত হয়। বিয়লি ৫ বজাত সন্ধিয়াৰ প্ৰসংগৰ পাছতে সমজুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচীত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শিল্পী ক্ৰমে- শাৰদী শইকীয়া, গোবিন্দ শইকীয়া বৰবায়ন, ৰঞ্জুমণি শইকীয়া, বিশিষ্ট অভিনেত্ৰী- চেতনা দাস, বিশিষ্ট সাংবাদিক ,গীতিকাৰ তথা আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, অসম ৰাজ্যিক চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ উপাধ্যক্ষ আলেখ্য বৰুৱা, গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰয় আৰু অধ্যাপক তথা সাংস্কৃতিক কৰ্মী-বিশ্লেষক ড° দীপেন দাসে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্জ্বলন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী তথা নাট্যকাৰ ঋতুপর্ণ দাস আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰাই পৰিচালনা কৰা শুভাৰম্ভণী অনুষ্ঠানত এন.ই.জেদ.চি.চি. শিল্পগ্ৰামৰ সঞ্চালকৰ হৈ অনুষ্ঠান তথা সংবাদ সমন্বয়ক নৱ কুমাৰ ভৰালীয়ে এন.ই.জেদ.চি.চি.ৰ সাংস্কৃতিক পদক্ষেপ সম্পৰ্কে চমু বক্তব্য প্ৰদান কৰি উপস্থিত দৰ্শক ৰাইজক আদৰণি জনায়। ইয়াৰ পাছতে পূৰ্বৰংগ গায়ন-বায়ন আৰু সুত্ৰধাৰী নৃত্য পৰিৱেশনেৰে সম্পূৰ্ণ অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ মাজেৰে পৰিৱেশন কৰা’গান্ধাৰীৰ অভিশাপ’ ভাওনা ভাগ চাবলৈ আহিল গুৱাহাটী মহানগৰীৰ বহু লোক৷শিশু-কিশোৰ-কিশোৰী সকলৰ পৰা বৃদ্ধ বয়সৰ পাঁচ শতাধিক দৰ্শক-ৰাইজ শিল্পগ্ৰামৰ অস্থায়ী ভাওনা প্ৰেক্ষাগৃহত সমবেত হয়। চাৰে তিনি ঘণ্টা সময়জোৰা ভাওনাখনে সকলো বয়সৰ দৰ্শক-ৰাইজক সন্মোহিত কৰিবলৈ সক্ষম হয়। ভাওনা পৰিৱেশনৰ শেষত উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শিল্পী ড°প্ৰসন্ন গগৈয়ে ভাওনাভাগৰ ভাৱৰীয়া, নেপথ্যৰ কলা-কুশলী সকলক অভিনন্দন জনোৱাৰ লগতে একোখনকৈ ‘মান-পত্ৰ’ৰে সন্মানীত কৰে।
ভাওনাখন নামঘৰীয়া তথা নাম প্ৰসংগ-পাঠৰ শিল্পীসকল আছিল ৰমনী মোহন দাস, মাধৱ চৌধুৰী, গোপাল ডেকা, সঞ্জীৱ ৰাভা, নন্দেশ্বৰ দাস আৰু হৰিচৰণ দাস৷ আনহাতে ভাওনাভাগত দোহাৰ পৰিৱেশন কৰিছিল দীপেন শইকীয়া, ৰণ্টু বৰা, হিমাংশু বৰগোঁহাই, কৌশিক বৰুৱা, নিতু নিয়ৰ, কনক দত্ত, অংশুমান দত্ত আৰু পংকজ বৰুৱাই৷ পোচাকৰ দায়িত্বত আছিল যতীন বৰা৷ পোহৰৰ দায়িত্বত আছিল তপন কুমাৰ বৰুৱা, শিৱ বনিয়া, নিক স্বৰ্গিয়াৰী আৰু হৰিচৰণ সিং৷
মঞ্চসজ্জ্বা আছিল উমা সোণোৱাল আৰু বিনয় কুমাৰ দাসৰ৷
লেখকঃ দৰ্শনা বৰুৱা

