Breaking

দুলীয়াজানত কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

0 56

দুলীয়াজনত কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠীৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ জালনী গ্রান্টবাসী ৰাইজৰ সহযোগত আয়োজন কৰা সদৌ অসম ভিত্তিত ভাওনা প্রতিযোগিতা আৰম্ভ । ইতিমধ্যে প্ৰতিযোগিতা উদ্‌যাপন সমিতিয়ে প্ৰতিযোগি দল,অতিথি আৰু ৰাইজক আদৰাৰ বাবে দুলীয়াজানৰ কাষৰীয়া ১৫ নং জালনী গ্ৰাণ্টৰ শংকৰ মাধৱ সম্বন্বয় ক্ষেত্ৰ সজাই পৰাই তুলিছে।

প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১০ টা আগশাৰীৰ নাট্য দলে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি ৫ জানুৱাৰীৰ পুৱা মূল তোৰণ উদ্বোধন কৰিব বিজয় মাহৰা সত্রৰ সত্ৰাধিকাৰ গিৰিন্দ্রনাথ দেৱগোস্বামীয়ে, উদ্‌যাপন সমিতিৰ পতাকা উত্তোলন কৰিব সভাপতি কৃষ্ণ বড়াই,বৃক্ষ ৰোপন কৰিব বিশিষ্ট প্রকৃতিপ্রেমী ড°নবীন বৰুৱাই, সমূহীয়া নাম প্রসঙ্গ, বিয়লি মঞ্চ তোৰণ উদ্বোধন কৰিব অইল ইণ্ডিয়া লিমিটেডৰ মহা-প্রবন্ধক ধৰণীধৰ শইকীয়াই,প্রদর্শনী দুৱাৰ উন্মোচন কৰিব বিশিষ্ট সমাজসেৱক কল্যান গগৈ (গোগামুখ)য়ে, বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া।

ভাওনাৰ প্রথম দর্শনীত চাবুবাৰ ওমকাৰ নাট্যগোষ্ঠীয়ে গান্ধাৰীৰ কৃষ্ণ ৰূপ দর্শন ভাওনা পৰিবেশন কৰিব। ভাওনাখন উদ্বোধন কৰিব শিক্ষাবিদ অজিত বড়াই। আনহাতে নিশা ন বজাৰ পৰা দ্বিতীয় দর্শনীত দুলীয়াজানৰ কৌমোদকী সমন্বয় নাট্যগোষ্ঠীয়ে সিন্ধুমুনিৰ পিতৃভক্তি, দশৰথৰ স্বর্গ উদ্ধাৰ ভাওনা পৰিবেশন কৰিব। ভাওনাখন উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱক ( সাপেখাতি )লাচিত গগৈয়ে।

সেইদৰে ৬ জানুৱাৰীৰ বিয়লি ৩.৩০ বজাৰ পৰা প্ৰথম প্ৰদৰ্শনীত ধেমাজিৰ শংশনিনাদ নাট্য গোষ্ঠীয়ে দস্যু ৰত্নাকৰৰ মুক্তিলাভ, নিশা ৮ বজাত দ্বিতীয় দর্শনীত শিৱসাগৰৰ বাড়ৈটিং শিল্পী সমাজে অভিমন্যুৰ বীৰগতি প্রাপ্তি ভাওনা পৰিবেশন কৰিব। প্ৰতিযোগিতাৰ তৃতীয় দিনা বিয়লি চাৰে তিনি বজাৰ পৰা প্রথম দর্শনীত টিংখাঙৰ উপাসনা আধ্যাত্মিক কলা কৃষ্টি কেন্দ্রই কুৰুসন্ধ্যা ভাওনা পৰিবেশন কৰিব আৰু নিশা ৮.৩০ বজাৰ পৰা দ্বিতীয় দর্শনীত শিৱসাগৰ ধিতাইপুখুৰীৰ পূর্বৰঙ্গ সাংস্কৃতিক গোষ্ঠীয়ে সাবিত্রী সত্যবান ভাওনা পৰিবেশন কৰিব ।

সেইদৰে চতুর্থ দিনাৰ প্রথম দর্শনীত চৰাইদেউ সাপেখাতিৰ দিনমণি সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰিব মৎস্য অবতাৰ, চাৰিবেদ উদ্ধাৰ ভাওনা আৰু দ্বিতীয় দৰ্শনীত শিৱসাগৰ আমগুৰিৰ নব-ৰঙ্গন সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰিব গজকেতু উপাখ্যান, ধৃতৰাষ্ট্ৰৰ দ্বিগবিজয় ভাওনা।


প্ৰতিযোগিতাৰ পঞ্চম দিনাৰ প্রথম দর্শনীত যোৰহাট নিমাতি পথৰ ডেকাগিৰি সাংস্কৃতিক সংঘই পৰিবেশন কৰিব ধ্রুব চৰিত্র আৰু দ্বিতীয় দৰ্শনীত শিৱসাগৰৰ ত্রিগুনাটিক শিল্পী সমাজে পৰিবেশন কৰিব জলন্ধৰ উপাখ্যান ভাওনা । প্ৰতিযোগিতাৰ অন্তিম দিনৰ কাৰ্যসূচীত নামপ্ৰসংগ,চাচনি মইনা পাৰিজাত দলৰ দিহানাম আৰু মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব।


জালনী, গুটিবাৰী আৰু বগৰীবামৰ আইসকলৰ সম্মিলিত দিহানামেৰে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানত অইলৰ আৱাসিক মুখ্য বিষয়া অতীন্দ্র ৰায় চৌধুৰী মুখ্য অতিথি, কেন্দ্রীয় চৰকাৰৰ শ্রম, নিয়োগ, পেট্রলিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিকমন্ত্ৰী ৰামেশ্বৰ তেলী বিশিষ্ট অতিথি, দুলীয়াজান বিধান সভা সমষ্টি বিধায়ক তেৰছ গোৱালা,শিক্ষাবিদ হেমকান্ত গগৈ, সমাজসেৱক লীলা বড়া আদি বিশিষ্ট সকল সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে নিশালৈ আলোক সমন্বয় নাট্য গোষ্ঠীৰ শিশু সকলে দক্ষ যজ্ঞ ভাওনা প্রদর্শন কৰিব।

উদ্‌যাপন সমিতিৰ সভাপতি কৃষ্ণ বড়া,মুখ্য সম্পাদক জয়ন্ত পাঠকে সদৌ অসম ভিত্তিত ভাওনা প্রতিযোগিতাৰ
কেউদিনৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

Leave A Reply