Bharat Gourav Award: সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰলৈ ভাৰত গৌৰৱ বঁটা

সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰলৈ ভাৰত গৌৰৱ বঁটা। দীৰ্ঘদিন ধৰি জীৱ জন্তুৰ প্ৰতি দেখুৱাই অহা মৰম আৰু যত্নৰ বাবে আগবঢ়োৱা হৈছে এই ৰাষ্ট্ৰীয় পুৰস্কাৰ। ৫ ফেব্ৰুৱাৰীত কৰ্ণাটকত ভাৰতীয় সাংস্কৃতিক উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব।(Bharat Gourav Award)


প্ৰাপ্তি ফাউণ্ডেচন জৰিয়তে পদপথৰ কুকুৰক দীৰ্ঘদিন ধৰি খাদ্য যোগান আৰু চিকিৎসা প্ৰদান কৰি আহিছে ড° প্ৰাপ্তি ঠাকুৰে। নিৰ্মাণ কৰিছে কুকুৰৰ আশ্ৰয় গৃহ। এই সকলোবোৰ ড° ঠাকুৰে নিজা খৰচত কৰি আহিছে। বঁটা প্ৰদান কৰিছে ভাৰত বিকাশ সংগম নামৰ ৰাষ্ট্ৰীয় সংস্থাটোৱে।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সাংস্কৃতিক সমাৰোহত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজনাথ কবিন্দকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকিব।

Related Articles